শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PF একাউণ্টৰ পৰা ধন উলিয়াইছে নেকি আপুনি? বঞ্চিত হ’ব পাৰে পেঞ্চনৰ পৰা! জানেনে এই কথা

কৰ্মজীৱনৰ সময়তে বিভিন্ন কাৰণত কৰ্মচাৰীসকলে প্ৰভিডেণ্ট ফাণ্ড একাউণ্টৰ পৰা ধন উলিয়াব পাৰে। ইয়াৰ বাহিৰেও যদি টকাখিনি পি এফ একাউণ্টত ১০ বছৰতকৈ অধিক সময় জমা হয়, তেতিয়া সেই কৰ্মচাৰীজনক পেঞ্চনৰ যোগ্য হিচাপে গণ্য কৰা হয়। কিন্তু নিৰ্দিষ্ট নিয়মৰ আধাৰতহে পেঞ্চনৰ সুবিধা লাভ কৰে কৰ্মচাৰীসকলে।

PF একাউণ্টৰ পৰা ধন উলিয়াইছে নেকি আপুনি? বঞ্চিত হ’ব পাৰে পেঞ্চনৰ পৰা! জানেনে এই কথা
EPFOৰ এই নিয়ম জানেনে আপুনিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 29 Jun 2025 14:52 PM

কৰ্মচাৰীৰ ভৱিষ্যতৰ এক আশা হৈছে প্ৰভিডেণ্ট ফাণ্ড। সমান্তৰালকৈ এই প্ৰভিডেণ্ট ফাণ্ড কৰ্মচাৰীজনৰ পৰিয়ালটোৰ বাবেও এক আস্থাৰ স্থান। এই পুঁজি EPFO সংস্থাই পৰিচালনা কৰে। কৰ্মচাৰীজনৰ দৰমহাৰ পৰা কিছু টকা এই প্ৰভিডেণ্ট ফাণ্ড একাউণ্টত জমা হয়। লগতে কৰ্মচাৰীজন যি কোম্পানীত নিযুক্ত হৈ আছে, সেই কোম্পানীটোৱেও সমপৰিমাণৰ ধন জমা কৰে।

কৰ্মজীৱনৰ সময়তে বিভিন্ন কাৰণত কৰ্মচাৰীসকলে প্ৰভিডেণ্ট ফাণ্ড একাউণ্টৰ পৰা ধন উলিয়াব পাৰে। শাৰীৰিক অসুস্থতা, শিক্ষা, বিবাহ বা ঘৰ ক্ৰয়ৰ দৰে কোনো কাৰণ থাকিলে প্ৰভিডেন্ট ফাণ্ডৰ পৰা ধন উলিয়াব পাৰি। ইয়াৰ বাহিৰেও যদি টকাখিনি পি এফ একাউণ্টত ১০ বছৰতকৈ অধিক সময় জমা হয়, তেতিয়া সেই কৰ্মচাৰীজনক পেঞ্চনৰ যোগ্য হিচাপে গণ্য কৰা হয়।

কিন্তু যদিহে প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্টৰ পৰা নিৰ্দিষ্ট সীমাতকৈ অধিক ধন উলিয়ায়, তেতিয়া ভৱিষ্যতে কৰ্মচাৰীজনে পেঞ্চন লাভ নকৰিবও পাৰে। যদি কোনো কৰ্মচাৰীয়ে তেওঁৰ পি এফ একাউণ্টৰ সকলো ধন উলিয়াই লয়, তেতিয়া তেওঁ ভৱিষ্যতে পেঞ্চন লাভ নকৰিব। ইয়াৰ বাহিৰেও যদি কোনো ব্যক্তিয়ে প্ৰভিডেণ্ট ফাণ্ডত ১০ বছৰৰ কম সময়ৰ বাবে ধন জমা কৰে, তেতিয়াও তেওঁ পেঞ্চন লাভ নকৰে।

EPFO ৰ নিয়ম অনুসৰি কোনো কৰ্মচাৰীয়ে যদি ১০ বছৰৰ বাবে তেওঁৰ একাউণ্টত ধন জমা কৰে, তেতিয়া তেওঁ পেঞ্চনৰ যোগ্য হিচাপে বিবেচিত হয়। অৱশ্যে সেই ধন ইচ্ছামতে উলিয়াব নোৱাৰি। ব্যক্তিজনে ৫০ বছৰ বয়সতহে সেই পেঞ্চন দাবী কৰিব পাৰিব।