আহিব পাৰে আৰক্ষীৰ চমন! তাৰ পূৰ্বে জানি লওক আপোনাৰ ছিম কাৰ্ডৰ তথ্য
টেলিকমিউনিকেচন বিভাগ বা DOT- ৰ মতে, এগৰাকী ব্যক্তিয়ে নিজৰ নামত সৰ্বাধিক ৯ খন চিম কাৰ্ড ল’ব পাৰে। এই সীমাতকৈ অধিক ছিম কাৰ্ড থাকিলে ব্যক্তিজন আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে। কেতিয়াবা আপোনাৰ আধাৰ কাৰ্ড বা নাম ব্যৱহাৰ কৰি আপোনাৰ অজ্ঞাতেই কোনো অসাধু চক্ৰই ছিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। কি কৰিব তেতিয়া, জানো আহক।
টেলিকমিউনিকেচন বিভাগ বা DOT- ৰ মতে, এগৰাকী ব্যক্তিয়ে নিজৰ নামত সৰ্বাধিক ৯ খন চিম কাৰ্ড ল’ব পাৰে। এই সীমাতকৈ অধিক ছিম কাৰ্ড থাকিলে ব্যক্তিজন আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে। সম্প্ৰতি অধিকাংশ লোকৰে ফোন নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে। কিন্তু যদি আন কোনো লোকে প্ৰৱঞ্চনাৰ আশ্ৰয় লৈ আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ছিম কাৰ্ড উলিয়াইছে, তেতিয়া কি কৰিব? এনে ঘটনা হ’লে আপুনি কেতিয়াবা আইনী প্ৰক্ৰিয়াৰ আওতালৈ অহাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
এনে কাৰণতে আপোনাৰ নামত কিমান ছিম কাৰ্ড আছে সেয়া জনাটো অত্যন্ত প্ৰয়োজনীয়। পিছে চিন্তা নকৰিব, সেই সমস্যাৰ সমাধান আছে। চৰকাৰী পৰ্টেলৰ সহায়ত এতিয়া সহজেই জানিব পাৰিব যে আপোনাৰ নামত কেইখন মোবাইল ছিম সক্ৰিয় হৈ আছে। জানো আহক এই বিষয়ে।