অৱসৰৰ পাছত সুনিশ্চিত জীৱন বিচাৰে নে? EFP, PPF নে NPS ক’ত বিনিয়োগ কৰাটো নিৰাপদ জানি লওক
অৱসৰৰ পাছত যদি এটা সুনিশ্চিত জীৱন বিচাৰে, তেন্তে বিনিয়োগ কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে চৰকাৰী কেইবাখনো আঁচনি আছে। ইয়াৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি (Employees Provident Fund), ৰাজহুৱা ভৱিষ্য নিধি (Public Provident Fund) আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (National Pension System)।

সাধাৰণ মধ্যবিত্ত বা নিম্নবৰ্গৰ মানুহে অৱসৰৰ পিছৰ সময়ৰ কথা নাভাবে। ফলত নিম্নবৰ্গৰ লোকে অৱসৰৰ বয়স পাৰ হৈ যোৱাৰ পাছতো কৰ্মৰ পৰা অৱসৰ নলয়। ইফালে মধ্যবিত্ত শ্ৰেণীৰ মানুহে এটা নিৰ্দিষ্ট বয়সৰ পিছত মনত পেলায় যে এইবাৰ তেওঁলোকে অৱসৰৰ পুঁজিৰ ব্যৱস্থা কৰিব লাগিব। ফলত শেষ মুহূৰ্তত দৌৰাদৌৰিৰ সৃষ্টি হয়।
কিন্তু সত্যটো হ’ল যিমান সোনকালে পৰিকল্পনা কৰিব সিমানেই লাভ বেছি হ’ব। আজিয়েই যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে চৰকাৰী কেইবাখনো আঁচনি আছে। ইয়াৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি (Employees Provident Fund), ৰাজহুৱা ভৱিষ্য নিধি (Public Provident Fund) আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (National Pension System)।
কৰ্মচাৰী ভৱিষ্য নিধি (Employees Provident Fund)
দৰমহা পোৱা কৰ্মচাৰীৰ বাবে EPF বা কৰ্মচাৰী ভৱিষ্য নিধি হৈছে বিনিয়োগৰ ভিত্তি। প্ৰতিমাহে আপোনাৰ দৰমহাৰ এটা অংশ কৰ্তন কৰা হয়। আপুনি কাম কৰা কোম্পানীটোৱে তাৰ ওপৰত সমান ধন দিয়ে। বৰ্তমান এই একাউণ্টৰ পৰা ৮.২৫ শতাংশ হাৰত সুত পোৱা যায়।
ইয়াৰ বাহিৰেও ই হৈছে এক চৰকাৰী পেঞ্চন আঁচনি। ঘৰ কিনা বা চিকিৎসাৰ দৰে কিছুমান বিশেষ ক্ষেত্ৰৰ বাহিৰে অৱসৰৰ পূৰ্বে এই পুঁজিৰ পৰা ধন উলিয়াব নোৱাৰিব। ইয়াৰ বাহিৰেও EPF ৰ নিৰ্ধাৰিত ধনৰাশি স্বয়ংক্ৰিয়ভাৱে দৰমহাৰ পৰা কৰ্তন কৰা হয়।
ৰাজহুৱা ভৱিষ্য নিধি (Public Provident Fund)
আপুনি এজন কৰ্মচাৰীয়েই হওক বা ব্যৱসায়ীয়েই হওক, আপোনাৰ EPF থাকক বা নাথাকক, আপুনি PPF বা ৰাজহুৱা ভৱিষ্য নিধিৰ জৰিয়তে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব পাৰে। EPF ৰ দৰে PPF ও চৰকাৰী আঁচনি। সেয়ে ইয়াৰ নিৰাপত্তাক লৈ চিন্তাৰ কোনো কাৰণ নাই। PPF ৰ ক্ষেত্ৰত বৰ্তমান সুতৰ হাৰ প্ৰায় ৭.১ শতাংশ।
ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ সুতৰ ওপৰত কোনো কৰ নাথাকে। সপ্তম বছৰৰ পৰা প্ৰয়োজন সাপেক্ষে এই বিনিয়োগৰ ধন আংশিকভাৱে উলিয়াব পাৰিব। গতিকে অলপ চিন্তা আৰু কম ৰিস্ক লৈ বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে PPF উত্তম বিকল্প।
ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (National Pension System)
এই দুই প্ৰকাৰৰ ভৱিষ্য নিধিতকৈ NPS বা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা কিছু পৃথক। কাৰণ NPSৰ ৰিটাৰ্ণ নিৰ্ভৰ কৰে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত। NPSত আপোনাৰ ধন ইকুইটি, কৰ্পৰেট বণ্ড আৰু চৰকাৰী ছিকিউৰিটিত বিনিয়োগ কৰা হয়। ইয়াত আপুনি আপোনাৰ বিপদ সহনশীলতা গণনা কৰি যিকোনো ধৰণৰ সম্পত্তিৰ শ্ৰেণী বাছি ল’ব পাৰে।
যিহেতু ই শ্বেয়াৰ বজাৰৰ সৈতে জড়িত, গতিকে সুতৰ হাৰ নিৰ্দিষ্ট নহয়। NPS ত ৮ শতাংশৰ পৰা ১২ শতাংশ ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে। অৱসৰৰ সময়ত ইয়াৰ পৰা মুঠ জমা ধনৰ ৬০ শতাংশ পৰ্যন্ত কৰমুক্তভাৱে উলিয়াব পাৰিব। কিন্তু NPS ৰ ক্ষেত্ৰত এটা কথা মনত ৰখা উচিত যে কোনোবাই যদি অধিক ৰিটাৰ্ণ বিচাৰে তেন্তে তেওঁ অধিক ৰিস্ক ল’ব লাগিব।
সৰ্বোত্তম বিনিয়োগ কোনটো?
যদি আপুনি বিনিয়োগৰ নিশ্চিত ৰিটাৰ্ণ বিচাৰে বা ৰিস্ক ল’ব নিবিচাৰে, তেন্তে EPF বা PPF নিশ্চিতভাৱে উত্তম হ’ব। যদি আপুনি কৰ্মচাৰী, তেন্তে আপুনি EPF পাব। আৰু আপুনি কৰ্মচাৰী হওক বা সাধাৰণ মানুহ হওক, আপুনি PPF ত বিনিয়োগ কৰিব পাৰে। কিন্তু যদি আপুনি ৰিস্ক ল’ব বিচাৰে আৰু মুদ্ৰাস্ফীতিক অতিক্ৰম কৰিব বিচাৰে তেন্তে NPS ত বিনিয়োগ কৰা উচিত। আচলতে এই ৩টাৰ ভিতৰত এটা নহয়, প্ৰয়োজন অনুসৰি ৩টা ক্ষেত্ৰৰ সকলোবোৰ মিলি আপোনাৰ অৱসৰ জীৱন নিৰাপদ কৰিব পাৰে।