EPFO: চিন্তা শেষ! ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব EPFO ৰ ধন
EPFO Update: কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে অতি সোনকালে ইপিএফঅ’ ৩.০ লৈ আহিব। ইয়াৰ দ্বাৰা ইপিএফঅ’ৰ ৮ কোটি গ্ৰাহক উপকৃত হ’ব। ইপিএফঅ’ পৰ্টেল অধিক স্বচ্ছ আৰু কাৰ্যক্ষম হ’ব।

প্ৰভিডেন্ট ফাণ্ডৰ ডাঙৰ পৰিৱৰ্তন। এইবাৰ গ্ৰাহকৰ সুবিধাৰ কথা মনত ৰাখি নতুন ৰূপত আহিছে প্ৰভিডেন্ট ফাণ্ড। ইপিএফঅ’ ৩.০ অতি সোনকালে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। ইয়াৰ দ্বাৰা ইপিএফঅ’ৰ ৮ কোটি গ্ৰাহক উপকৃত হ’ব। ইপিএফঅ’ পৰ্টেল অধিক স্বচ্ছ আৰু কাৰ্যক্ষম হ’ব।
ইপিএফঅ’ ৩.০ জুন মাহত মুকলি হোৱাৰ কথা আছিল। পিছত কাৰিকৰী সমস্যাৰ বাবে পলম হয়। বৰ্তমান ইনফ’ছিছ, উইপ্ৰ’, টিচিএছৰ দৰে ডাঙৰ ডাঙৰ আইটি কোম্পানীয়ে চিষ্টেম আপডেটৰ কাম কৰি আছে।
ইপিএফঅ’ত কি পৰিৱৰ্তন আহিব?
এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধা-
ইপিএফঅ’ ৩.০ত প্ৰভিডেণ্ট ফাণ্ডৰ ধন পোনপটীয়াকৈ এটিএমৰ পৰা উলিয়াব পাৰিব। আধাৰ নম্বৰৰ সৈতে সংযুক্ত বেংক একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।
ইউ পি আইৰ জৰিয়তে ধন উলিয়াব-
ইপিএফঅ’ ৩.০ত জৰুৰীকালীন অৱস্থাত ইউপিআই ব্যৱহাৰ কৰি পোনপটীয়াকৈ পিএফ একাউণ্টৰ পৰাও ধন উলিয়াব পাৰি।
অনলাইন ক্লেইম আৰু কাৰেকচন-
ইপিএফঅ’ৰ গ্ৰাহকসকলে তেওঁলোকৰ ব্যক্তিগত তথ্য আৰু দাবী অনলাইনত দাখিল কৰিব পাৰিব। এই প্ৰক্ৰিয়া অ’টিপি পৰীক্ষণৰ জৰিয়তে কৰা হ’ব।
ডেথ ক্লেইম দ্ৰুত চেটেলমেন্ট-
ইপিএফঅ’ৰ নতুন সংস্কৰণত কোনো গ্ৰাহকৰ মৃত্যু হ’লে তেওঁলোকৰ দাবী নিষ্পত্তি ক্ষিপ্ৰতাৰে কৰা হ’ব। যদি পি এফ একাউণ্টধাৰীৰ সন্তান নাবালক হয়, তেন্তে সেই ক্ষেত্ৰত অভিভাৱকত্বৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন আছিল, কিন্তু এই চৰ্ত আঁতৰোৱা হৈছে।
ইয়াৰ উপৰিও ইপিএফঅ’ পৰ্টেলৰ ডেচব’ৰ্ডতো পৰিৱৰ্তন কৰা হৈছে। যিটো গ্ৰাহকৰ বাবে ব্যৱহাৰ কৰাত অধিক সুবিধাজনক হ’ব। বেলেঞ্চ, দাবী নিষ্পত্তি, পি এফ অৱদানৰ গণনা চাবলৈ সুবিধা হ’ব। আধাৰ পৰীক্ষণৰ জৰিয়তে কে ৱাই চি আপডেট কৰিব পাৰিব। চাকৰি সলনি কৰিলে পি এফ একাউণ্ট ট্ৰেন্সফাৰ কৰাটোও সুবিধাজনক হ’ব।