শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপিত দলত গৰু চোৰৰ লগতে ভোট চোৰো আছে- আৰু কি কি ক’লে গৌৰৱ গগৈয়…

আজি সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটা দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

বিজেপিত দলত গৰু চোৰৰ লগতে ভোট চোৰো আছে- আৰু কি কি ক’লে গৌৰৱ গগৈয়…
গৌৰৱ গগৈ
barasha-sarma
Barasha Sarma | Published: 28 Aug 2025 14:27 PM

‘ভোট চোৰ ‘ প্ৰসংগত সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। এই সময়চোৱাত তেওঁ নিৰ্বাচন আয়োগৰ লগতে বিজেপি চৰকাৰকো লক্ষ্য কৰি লয়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে বিজেপি দলৰ বিৰুদ্ধে ‘ভোট চোৰ’ৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লোৱাৰ সলনি বিজেপি দলৰ মুখপাত্ৰৰ দৰে কাম কৰা বুলি গগৈয়ে অভিযোগ আনে। তেওঁ কয় যে বিজেপি দলত কেৱল ‘গৰু চোৰ’ নাই,’ভোট চোৰো’ আছে।

গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেৱল পুঁজিপতি গোষ্ঠীৰ হৈ কাম কৰা বুলি কয়। গগৈয়ে কয় যে, তেওঁ কেনেকৈ আম্বানী-আদানিক মাটি প্ৰদানৰ লগতে নিজৰ ঘৈণীয়েকক মাটি দিব পাৰি সেই বিষয়ত তৎপৰ হৈ থাকে। ইয়াৰোপৰি চিণ্ডিকেট চক্ৰৰ স্বাৰ্থ পূৰণত তেওঁ ব্যস্ত থকা বুলি কটাক্ষ কৰে।

আনহাতে অসমক ভাৰতৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম আজি ভাৰতৰ শেষৰ পাঁচখন জিলাৰ ভিতৰত স্থান লাভ কৰিছে বুলি গগৈয়ে তথ্য দাঙি ধৰে। তেওঁ কেতবোৰ তথ্য প্ৰকাশ কৰি শিক্ষা-স্বাস্থ্য আদিকে কৰি বিভিন্ন শিতানত অসমৰ সৰ্বভাৰতীয় স্থান শেষৰ পৰা পাঁচখন ৰাজ্য বুলি সদৰী কৰে। ইমানেই নহয়, উত্তৰ-পূৱৰ ১১০ জিলাৰ ভিতৰত অসমৰ ডিব্ৰুগড় জিলাই ১৮ নং স্থানত থাকি অসমৰ প্ৰথম জিলাৰূপে পৰিগণিত হৈছে। গৌৰৱ গগৈয়ে আজিৰ সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নতি হোৱাৰ বাদে অসমৰ কোনো উন্নতি হোৱা নাই বুলি দাবী কৰে।

সংবাদমেলত গগৈয়ে মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে, ২০২৬ চনত সকলোৰে লগত কথা বতৰা পাতি, আলেচনা কৰি মিলাপ্ৰীতিৰে নিৰ্বাচন খেলিব লাগিব। ইয়াৰ আগতে ‘ভোট চুৰি’ ৰোধ কৰাৰ ব্যৱস্থা হিচাপে বুথ পৰ্যায়ত এজেন্ট নিয়োগ কৰাৰ ব্যৱস্থা কংগ্ৰেছে কৰিছে বুলি তেওঁ জানিব দিয়ে।

সংবাদমেলৰ জৰিয়তে গগৈয়ে ৰাইজৰ দলৰ অখিল গগৈকো এক বিশেষ আহ্বান জনায়। মিত্ৰতা সন্দৰ্ভত কথা কওতে সংযমী হোৱা উচিত বুলি কয় গগৈয়ে। লগতে প্ৰতিদিনে বেলেগ বেলেগ কথা ক’লে ৰাইজৰ আস্থা নাইকিয়া হব বুলি সকীয়াই দিয়ে।

ইয়াৰোপৰি কিছুদিন পূৰ্বে ছৈয়দা হামিদে দিয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁ। গগৈয়ে কয় যে, ছৈয়দা হামিদে পাহৰি গ’ল অসম চুক্তিৰ কথা। তেওঁ অসমৰ ইতিহাস নাজানে। বিজেপিয়ে অসম আন্দোলনৰ শ্বহীদক অপমান কৰিলে। বিজেপ দল কাৰো নহয় বুলি উল্লেখ কৰি বিজেপি দলে নিজৰ ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰিছে বুলি কটাক্ষ কৰে।

উজনিৰ পৰা মিঞাখেদা আন্দোলন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, সন্দেহযুক্ত নাগৰিকৰ বিতাড়ণ এশ শতাংশ হ’ব লাগিব।কিন্তু সেই বিতাড়ণ সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি হব লাগে। কোনো দল-সংগঠনে এই কাম নিজৰ হাতত লোৱা অনুচিত।

 

অন্য খবৰ পঢ়কঃ গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰীক! নিটি আয়োগৰ প্ৰতিবেদনত অসমৰ স্থান অন্তিম ৫ ৰাজ্যৰ তালিকাত…