শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
AASU Protest News Updates: বিদেশী সমস্যাৰ বিৰুদ্ধে ছেপ্টেম্বৰ সত্যাগ্ৰহ আছুৰ

AASU Protest News Updates: বিদেশী সমস্যাৰ বিৰুদ্ধে ছেপ্টেম্বৰ সত্যাগ্ৰহ আছুৰ

Barasha Misra
Barasha Misra | Published: 27 Aug 2025 20:42 PM

আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে ৰাজনৈতিক মেৰুকৰণত জাতিটোক সংকটলৈ যাবলৈ দিয়া নহ’ব। সীমান্ত ছীল কৰা, অবৈধ বিদেশী, মৌলবাদী উৎখাতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিটো কামত তীক্ষ্ণ দৃষ্টি থাকিব বুলি সকীয়াই দিয়ে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ। অহা ৪ ছেপ্টেম্বৰ পৰা ৰাজ্যজুৰি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিব আছুৱে। অসমৰ প্ৰতিখন জিলা সদৰত পুৱা ৬ বজাৰপৰা বিয়লি ৫ বজালৈ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত ছাত্ৰ সংগঠনটোৰ। ১৬ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত ৰূপায়ন কৰা হ’ব বিক্ষোভ কাৰ্যসূচী।

তাৰোপৰি ২০ ছেপ্টেম্বৰত অসমৰ প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিব। ২৩ ছেপ্টেম্বৰত অসমৰ প্ৰতিখন জিলা সদৰত অনুষ্ঠিত হ’ব জোঁৰ সমদল। আজি এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে সদৌ অসম ছাত্ৰসন্থাৰ বিষয়ববীয়াই।

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে অসমৰ পৰিস্থিতি জটিল কৰি পেলাইছে। অসম আন্দোলনৰ সময়তকৈও বৰ্তমানৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। জনজাতীয় বেল্ট ব্লকত অবৈধ বাংলাদেশী সোমাল, খেতিৰ মাটি ল’লে, সত্ৰৰ মাটি দখল কৰিলে, বনাঞ্চলত অবৈধ বাংলাদেশীয়ে বেদখল কৰিলে, অসমৰ খিলঞ্জীয়া মানুহে ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে। অসমৰ ভাষা, সংস্কৃতি, অর্থনৈতিক ক্ষেত্রত প্রভাৱ পেলাইছে, অসমৰ জনবিন্যাসৰ পৰিৱৰ্তন হৈছে। অসমত অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীৰ প্ৰৱেশ ঘটিছে। ই অসমৰ লগতে দেশৰ প্ৰতি ভাবুকি। এনে পৰিস্থিতিত অসমৰপৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰিবই লাগিব।”

সবিশেষৰ বাবে চাওক এই ভিডিঅ’