চাৰিবাৰকৈ ফোন কৰিছিল ট্ৰাম্পে, কিয় ফোন নুঠালে নৰেন্দ্ৰ মোদীয়ে?
জাৰ্মানীৰ এখন প্ৰখ্যাত আলোচনীৰ তথ্য অনুসৰি শুল্ক বিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চাৰিবাৰ টেলিফোনযোগে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও প্ৰধানমন্ত্ৰীয়ে কথা নাপাতিলে।
ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা শুল্ক বিবাদৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাৰিবাৰকৈ ফোন কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কিন্তু কোনো উত্তৰ নিদিলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে । জাৰ্মানীৰ এখন বাতৰি কাকতে ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ মাজত সম্পৰ্ক ঠিক নহয় বুলি দাবী কৰাৰ পিছত এই বিষয়ক লৈ আলোচনা বাঢ়িছে।
জাৰ্মানীৰ এখন প্ৰখ্যাত আলোচনীৰ তথ্য অনুসৰি শুল্ক বিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চাৰিবাৰ টেলিফোনযোগে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও প্ৰধানমন্ত্ৰীয়ে কথা নাপাতিলে। অৱশ্যে এই বিষয়ত আনুষ্ঠানিকভাৱে আমেৰিকা বা ভাৰত চৰকাৰে একো কোৱা নাই। যদি FAZৰ এই খবৰ সঁচা হয়, তেন্তে স্পষ্ট যে ট্ৰাম্পৰ হেঁচাৰ বলি নোহোৱা নৰেন্দ্ৰ মোদী বিশ্বৰ একমাত্ৰ নেতা।
প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ কোনো নেতাৰ সৈতে কথা নপতাটো এয়াই প্ৰথম নহয়। পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত হোৱা এক ঘটনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত কয় যে যুদ্ধবিৰতিৰ এদিন আগত ৯ মে’ৰ নিশা “আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে মোৰ সৈতে ৩-৪ বাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মই সশস্ত্ৰ বাহিনীৰ সৈতে বৈঠকত ব্যস্ত আছিলো”।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “মই যেতিয়া তেওঁক ফোন কৰিছিলো তেতিয়া আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে মোক পাকিস্তানৰ পৰা বৃহৎ আক্ৰমণৰ কথা সকীয়াই দিছিল। মই তেওঁক কৈছিলো যে যদি পাকিস্তানে ভাৰতত আক্ৰমণ কৰে তেন্তে আমাৰ আক্ৰমণ বহুত ডাঙৰ হ’ব। গুলীৰ প্ৰতি আমি কামানেৰে সঁহাৰি দিম।”