বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি হ’ব ভাৰত, প্ৰভাৱ কমিব আমেৰিকাৰ, ভৱিষ্যদ্বাণী…
পেছাদাৰী সেৱা কোম্পানী ইৱাইৰ অনুমান অনুসৰি যদি ভাৰত আৰু আমেৰিকাই ক্ৰমে ৬.৫ শতাংশ আৰু ২.১ শতাংশ গড় বৃদ্ধিৰ হাৰ অব্যাহত ৰাখে তেন্তে ২০৩৮ চনৰ ভিতৰত পিপিপিৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ অৰ্থনীতিক অতিক্ৰম কৰিব পাৰে।

বিশ্বৰ বাণিজ্যিক অস্থিৰতা আৰু আমেৰিকাৰ শুল্কৰ চাপৰ মাজতে ২০৩০ চনৰ ভিতৰত ক্ৰয় শক্তি সমতা (পিপিপি)ৰ ভিত্তিত ভাৰতৰ অৰ্থনীতি ২০.৭ ট্ৰিলিয়ন ডলাৰ হ’ব পাৰে আৰু ২০৩৮ চনৰ ভিতৰত আমেৰিকাক অতিক্ৰম কৰি বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিও হ’ব পাৰে। ব্ৰিটিছ একাউণ্টিং ফাৰ্ম ইৱাইয়ে এক প্ৰতিবেদনত এই সম্ভাৱনা প্ৰকাশ কৰিছে।
পেছাদাৰী সেৱা কোম্পানী ইৱাইয়ে বুধবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত কয় যে চীন আৰু আমেৰিকাৰ পিছতে বৰ্তমান পিপিপিৰ ভাৰত ভিত্তিত তৃতীয় বৃহত্তম অৰ্থনীতি। প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত পিপিপিৰ হিচাপত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ১৪.২ ট্ৰিলিয়ন ডলাৰ আছিল, যিটো বজাৰ বিনিময় হাৰত জুখি অৰ্থনীতিতকৈ প্ৰায় ৩.৬ গুণ বেছি।
ভাৰতে আমেৰিকাক অতিক্ৰম কৰিব
ই ৱাইৰ অনুমান অনুসৰি যদি ভাৰত আৰু আমেৰিকাই ক্ৰমে ৬.৫ শতাংশ আৰু ২.১ শতাংশ গড় বৃদ্ধিৰ হাৰ অব্যাহত ৰাখে তেন্তে ২০৩৮ চনৰ ভিতৰত পিপিপিৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ অৰ্থনীতিক অতিক্ৰম কৰিব পাৰে।সেই সময়ত ভাৰতৰ জিডিপি হ’ব ৩৪.২ ট্ৰিলিয়ন ডলাৰ। এই সময়ছোৱাত ২০২৮ চনৰ ভিতৰত ভাৰতে বজাৰ বিনিময় হাৰত জাৰ্মানীক পিছ পেলাই তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব পাৰে।
ইৱাই ইণ্ডিয়াৰ মুখ্য নীতি উপদেষ্টা ডি কে শ্ৰীবাস্তৱে কয়, ‘ভাৰতৰ তুলনামূলক শক্তি যেনে যুৱ আৰু দক্ষ কৰ্মশক্তি, শক্তিশালী সঞ্চয় আৰু বিনিয়োগৰ হাৰ আৰু বহনক্ষম ঋণৰ প্ৰফাইলে বিশ্বৰ অস্থিৰতাৰ মাজতো উচ্চ বৃদ্ধিৰ হাৰ বজাই ৰখাত সহায় কৰিব। অত্যাৱশ্যকীয় প্ৰযুক্তিবিদ্যাত সামৰ্থ্য বিকাশ কৰি উন্নত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে।
শুল্কৰ প্ৰভাৱ
কিন্তু এই প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰিলে ভাৰতৰ জিডিপিত ০.৯ শতাংশ পৰ্যন্ত জোকাৰণিৰ সৃষ্টি হ’ব পাৰে। কিন্তু যদিহে ইয়াৰ এক তৃতীয়াংশ প্ৰভাৱ চাহিদা হ্ৰাসৰ ৰূপত আহে, তেন্তে মুঠ প্ৰভাৱ জিডিপিৰ ০.৩ শতাংশত সীমাবদ্ধ থাকিব পাৰে। ই ৱাইৰ প্ৰতিবেদন অনুসৰি উপযুক্ত নীতিগত ব্যৱস্থাৰ সহায়ত এই প্ৰভাৱ জিডিপিৰ মাত্ৰ ০.১ শতাংশত সীমাবদ্ধ থাকিব পাৰে।
যদি এনেকুৱা হয় তেন্তে চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশৰ পৰা ৬.৪ শতাংশলৈ হ্ৰাস পাব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাৰ উচ্চ শুল্কই ভাৰতীয় ৰপ্তানিৰ ৪৮ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ সামগ্ৰীত প্ৰভাৱ পেলাব। ইয়াৰ ভিতৰত বস্ত্ৰ, ৰত্ন আৰু গহনা, মিছা মাছ, চামৰা, জোতা, ৰাসায়নিক পদাৰ্থ, পশুজাত সামগ্ৰী আৰু যান্ত্ৰিক আৰু বৈদ্যুতিক যন্ত্ৰপাতি আদি খণ্ড। কিন্তু ঔষধ, শক্তি আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত এই শুল্ক প্ৰযোজ্য নহয়।