CIBIL Score কম হ’লেও লাভ কৰিব লোন! ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰই
বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহে যিকোনো ব্যক্তিক লোন প্ৰদান কৰাৰ সময়ত ব্যক্তিজনৰ CIBIL Score পৰীক্ষা কৰে। যদি CIBIL Score ভাল নহয় লোনৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। পিছে লোনৰ ক্ষেত্ৰত CIBIL Scoreৰ এই সমস্যাৰ এতিয়া আৰু সন্মুখীন হ’ব নালাগে।
দৈনন্দিন জীৱনৰ কিছুমান প্ৰয়োজনীয়তা পূৰণৰ লগতে কেতিয়াবা জৰুৰীকালীন পৰিস্থিতিত পৰি লোন ল’বলগা হয়। এইক্ষেত্ৰত ব্যক্তিজনৰ CIBIL Score হৈ পৰে নিৰ্ণায়ক। বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহে যিকোনো ব্যক্তিক লোন প্ৰদান কৰাৰ সময়ত ব্যক্তিজনৰ CIBIL Score পৰীক্ষা কৰে। যদি CIBIL Score ভাল নহয় লোনৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। নিৰ্ধাৰিত পৰিমাণতকৈ কম হ’লে লোনৰ আবেদনেই নাকচ পৰ্যন্ত কৰা হয়। তেনে পৰিস্থিতিত অতি প্ৰয়োজনীয় অৱস্থাতো লোনৰ পৰা বঞ্চিত হ’বলগা হয়।
পিছে লোনৰ ক্ষেত্ৰত CIBIL Scoreৰ এই সমস্যাৰ এতিয়া আৰু সন্মুখীন হ’ব নালাগে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত কৰা ঘোষণা অনুসৰি প্ৰথমবাৰৰ বাবে ঋণ লাভৰ ক্ষেত্ৰত CIBIL Score কম হ’লেও কোনো সমস্যা নহয়। অৰ্থাৎ প্ৰথমবাৰ ঋণ লওঁতে নিৰ্ধাৰিত CIBIL Score থকাটো এতিয়া আৰু প্ৰয়োজন নহ’ব।