শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নতুন ৰূপত UPI! পিন পাহৰি গ’লেও চিন্তা নাই, এইদৰে কৰিব পাৰিব লেনদেন…

UPI ব্যৱহাৰৰ ক্ষেত্ৰত বহুলোকে পিন পাহৰি যায়। এতিয়া সমস্যা সমাধানৰ  বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এনপিচিআই বা ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্পৰেশ্যনে।

নতুন ৰূপত UPI! পিন পাহৰি গ’লেও চিন্তা নাই, এইদৰে কৰিব পাৰিব লেনদেন…
নতুন ৰূপত UPI!
trishna-kalita
Trishna Kalita | Updated On: 18 Aug 2025 12:28 PM

বৰ্তমান অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI এনে এক পদ্ধতিত পৰিণত হৈছে যাৰ কোনো বিকল্প নাই। চাহৰ দোকানৰ পৰা আৰম্ভ কৰি কেফে বা গেলামালৰ দোকান, শ্বপিং মললৈকে সকলোতে UPI গ্ৰহণ কৰা হয়। ২০২৫ চনৰ তথ্য অনুসৰি জুলাই মাহত ১৯০০ কোটিৰো অধিক UPI লেনদেন কৰা হৈছে। এই মাহত কেৱল গেলামালৰ দোকান আৰু বিভিন্ন চুপাৰ মাৰ্কেটত ৩০০ কোটিৰো অধিক লেনদেন কৰা হয়।

ধৰি লওক আপুনি কিবা কিনিবলৈ ইউপিআই কৰিবলৈ গৈছে আৰু  ধন পৰিশোধ কৰাৰ সময়ত আপুনি পিনটো পাহৰি থাকিল। প্ৰায় বহুতো লোকে এনে সমস্যাৰ সন্মুখীন হয়। এতিয়া সেই সমস্যা সমাধানৰ বাবে বিশেষ উদ্যোগ লৈছে এনপিচিআই বা ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্পৰেশ্যনে ।

তথ্য অনুসৰি তেওঁলোকে প্ৰৱৰ্তন কৰা নতুন ব্যৱস্থাটোত মুখ চিনাক্তকৰণ আৰু আঙুলিৰ ছাপ ব্যৱহাৰ কৰি লেনদেন কৰিব পৰা যাব। অৱশ্যে ইউপিআই নিয়ন্ত্ৰণ কৰ্তৃপক্ষই এই ব্যৱস্থা কেতিয়া আৰম্ভ হ’ব সেই সম্পৰ্কে বিশেষ একো কোৱা নাই। সেৱাৰ মান উন্নত কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত  লোৱা বুলি কয় এনচিপিআইয়ে ।

বৰ্তমান স্মাৰ্টফোন আনলক কৰিবলৈ ফিংগাৰপ্ৰিণ্ট বা ফেচ ৰিকগনিচন ব্যৱহাৰ কৰা হয়। এতিয়া এই পদ্ধতি ব্যৱহাৰ কৰি ইউপিআই এপসমূহো আনলক কৰিব পাৰিব। এতিয়া এনচিপিআইয়ে সেই ব্যৱস্থাটো ইউপিআইৰ সৈতে একত্ৰিত কৰিব বিচাৰিছে। তেওঁলোকে কয় যে এই ব্যৱস্থাটো আৰম্ভ হ’লে হেকাৰে একাউণ্টত প্ৰৱেশ কৰি প্ৰৱঞ্চনা কৰাটো কঠিন হৈ পৰিব।