শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশজোৰা ধৰ্মঘটৰ আহ্বান বেংক কৰ্মচাৰীৰ, ২৭ জানুৱাৰীত বন্ধ থাকিব নেকি বেংক!

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে অহা ২৭ জানুৱাৰীত দেশজোৰা ধৰ্মঘটৰ কথা ঘোষণা কৰি এক বিবৃতি জাৰি কৰিছে। এই ধৰ্মঘটৰ বাবে কোনো বেংক বন্ধ থাকিব নেকি, এই লৈ মনত প্ৰশ্ন উদয় হ’ব পাৰে। জানো আহক এইবিষয়ে।

দেশজোৰা ধৰ্মঘটৰ আহ্বান বেংক কৰ্মচাৰীৰ, ২৭ জানুৱাৰীত বন্ধ থাকিব নেকি বেংক!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
Monjit Dutta
Monjit Dutta | Updated On: 06 Jan 2026 11:53 AM

সমগ্ৰ দেশতে ধৰ্মঘটত বহিব বেংকৰ কৰ্মচাৰী। অহা ২৭ জানুৱাৰীত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে বেংক কৰ্মচাৰীসকলে। সপ্তাহত ৫ দিনৰ কৰ্মদিন আৰু দুদিনৰ ছুটীৰ দাবীত দেশজুৰি এই ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে। অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে দেশজোৰা ধৰ্মঘটৰ কথা ঘোষণা কৰি এক বিবৃতি জাৰি কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা ৫ দিনীয়া কৰ্মদিনৰ দাবীক চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই আৰু ইয়াৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই বাবে এই ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়া হৈছে।

বিগত ২০২৪ চনৰ মাৰ্চ মাহত ভাৰতীয় বেংক সন্থা আৰু বেংক ইউনিয়নৰ মাজত দৰমহা পৰ্যালোচনা সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ সময়ত সপ্তাহত ৫ দিনৰ কৰ্মদিন আৰু দুদিনৰ ছুটীৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত কাৰ্যকৰী নোহোৱাৰ বাবেই ধৰ্মঘট আহ্বান কৰা হৈছে।

বেংক কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে, ভাৰতীয় ৰিজাৰ্ভ বেংক, এল আই চি, জি আই চিকে ধৰি কেইবাটাও সংস্থাই সপ্তাহত পাঁচ দিন কাম কৰে। শনিবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়ো বন্ধ থাকে। গতিকে বেংকৰ বাবে কিয় এই নিয়ম প্ৰৱৰ্তন কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে কৰ্মচাৰীসকলে।

ইতিমধ্যে সোমবাৰৰ পৰা শুকুৰবাৰলৈ অতিৰিক্ত ৪০ মিনিট কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰা হৈছিল। তেনে অৱস্থাত এই পাঁচদিনীয়া কৰ্ম সপ্তাহে বেংকিং সেৱাত কোনো প্ৰভাৱ নেপেলায় বুলি জানিবলৈ দিয়ে সৰ্বভাৰতীয় বেংক বিষয়া সন্মিলনে।

বৰ্তমানৰ নিয়ম অনুসৰি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে। অৰ্থাৎ বেংকৰ কৰ্মচাৰীসকলে মুঠ ছয় দিনৰ ছুটী লাভ কৰে। ইফালে ২৭ জানুৱাৰীত ধৰ্মঘটৰ বাবে কোনো বেংক বন্ধ থাকিব নেকি, এই লৈ মনত প্ৰশ্ন উদয় হ’ব পাৰে। অৱশ্যে এই বিষয়ত কোনো চিন্তা নাই। বেংকৰ কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে সেৱাত প্ৰভাৱ পৰিব পাৰে যদিও বেংক খোলা থাকিব।