অহা মাহৰ পৰা বৃদ্ধি পাবনে দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ নতুন আপডেট
নতুন বছৰত দৰমহা আৰু পেঞ্চন বৃদ্ধি পাবনে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ বাট মুকলি কৰিছে। এক প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন পে কমিছন কাৰ্যকৰী হ’ব পাৰে।
নৱবৰ্ষৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে কিছু ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ বাট মুকলি কৰিছে। মিণ্টৰ এক প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন পে কমিছন কাৰ্যকৰী হ’ব। অৰ্থাৎ অনাগত বছৰবোৰত মাহিলী দৰমহা বৃদ্ধি হোৱাই নহয়, ডিয়াৰনেছ এলাৱেন্স (DA) আৰু পেঞ্চনৰ হিচাপত যথেষ্ট ইতিবাচক পৰিৱৰ্তন হ’ব।
বৰ্তমান প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি হ’ব? সংবাদ মাধ্যমৰ বাতৰি আৰু প্ৰাৰম্ভিক অনুমান অনুসৰি এইবাৰ ‘ফিটমেণ্ট ফেক্টৰ’য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশেষজ্ঞসকলৰ মতে, অষ্টম দৰমহা আয়োগৰ অধীনত এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নূন্যতম মৌলিক দৰমহা ১৮,০০০ টকাৰ পৰা ৫১,৪৮০ টকালৈ বৃদ্ধি পাব পাৰে।
কৰ বিশেষজ্ঞ আৰু বিশ্লেষকসকলে কয় যে, চৰকাৰে ফিটমেণ্ট ফেক্টৰ ১.৮৩ ৰ পৰা ২.৫৭ ৰ ভিতৰত নিৰ্ধাৰণ কৰিব পাৰে। যদিও চৰকাৰে এতিয়াও আনুষ্ঠানিক সংখ্যা ঘোষণা কৰা নাই, তথাপিও পূৰ্বৰ অভিলেখ আৰু মুদ্ৰাস্ফীতিৰ হাৰ বিবেচনা কৰিলে এই বৃদ্ধিৰ পৰিমাণ অধিক হোৱাৰ সম্ভাৱনা আছে। দেশত প্ৰায় ৫০ লাখ সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰ আছে, যিয়ে এই সিদ্ধান্তৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈ পৰিছিল যে, নতুন বিত্ত আইন ২০২৫ৰ জৰিয়তে পেঞ্চনাৰৰ ডিয়াৰনেছ এলাৱেন্স (DA) বন্ধ কৰা হ’ব। পৰিস্থিতি স্পষ্ট কৰি দিছে চৰকাৰে। ২০২৫ চনৰ ১৩ ডিচেম্বৰত চৰকাৰে স্পষ্ট কৰি দিছিল যে, এই দাবী সম্পূৰ্ণ “ভুৱা”।
বিষয়াসকলে কয় যে. অৱসৰৰ পিছৰ সুবিধা, যেনে ডি এ বৃদ্ধি, তেতিয়াহে বন্ধ ৰখা হ’ব যেতিয়া কোনো কৰ্মচাৰীক সেৱাৰ সময়ত “অসৎ আচৰণ”ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। চিচিএছ (পেঞ্চন) নিয়ম, ২০২১ৰ ৩৭ নং নিয়মত কোৱা হৈছে যে কোনো কৰ্মচাৰীক অসৎ আচৰণৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলেহে সুবিধা বন্ধ কৰা হ’ব। সাধাৰণ আৰু সৎ পেঞ্চনাৰসকলে ভয় কৰাৰ কোনো প্ৰয়োজন নাই; তেওঁলোকে নিজৰ প্ৰাপ্যতা লাভ কৰি থাকিব।
এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন। কৰ্মচাৰীসকলে সাধাৰণতে আশা কৰিছিল যে, পৰামৰ্শসমূহ পলম হ’লেও ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী বুলি গণ্য কৰা হ’ব, আৰু তেওঁলোকে বকেয়া লাভ কৰিব। অৱশ্যে শেহতীয়াকৈ চৰকাৰে সংসদত স্পষ্ট কৰি দিছে যে, কাৰ্যকৰীকৰণৰ তাৰিখ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে, চৰকাৰে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিব। অৰ্থাৎ ২০২৬ চনৰ ১ জানুৱাৰী তাৰিখটো এতিয়াও চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন দিয়া নাই। অৰ্থাৎ অহা মাহৰ পৰা দৰমহা বৃদ্ধি কৰা নহ’ব। ইয়াৰ বাবে এতিয়াও সময় আছে।
বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে কয় যে, ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে, আৰু বিত্ত মন্ত্ৰালয়ে ২০২৫ চনৰ ৩ নৱেম্বৰত ইয়াৰ টাৰ্মছ অৱ ৰেফাৰেন্স (ToR) জাৰি কৰিছিল।কিন্তু আয়োগে নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিবলৈ অধিসূচনাৰ তাৰিখৰ পৰা প্ৰায় ১৮ মাহ সময় লাগিব পাৰে।