শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনে কৰিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি? নিশ্চিত হ’ল এইকেইজন লোকৰ নাম

মৰণোত্তৰ পৰীক্ষাৰ পিছত জুবিন গাৰ্গক পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব। তাৰ পিছত সসন্মানেৰে তেওঁক কমাৰকুছিৰ শেষকৃত্য স্থলীলৈ লৈ যোৱা হ’ব। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।

কোনে কৰিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি? নিশ্চিত হ’ল এইকেইজন লোকৰ নাম
জুবিন গাৰ্গ
monjit-dutta
Monjit Dutta | Published: 23 Sep 2025 08:05 AM

অসমঅসমীয়াৰ বুকুত জ্বলিব আজি হৃদয় পুৰি নিয়া জুই সোণাপুৰৰ কমাৰকুছিত আজি অন্তিম শয়নত ঢলি পৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ইতিমধ্যে কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়া স্থলী এই মহান কৰ্মৰ বাবে সাজু কৰি তোলা হৈছে অসম চৰকাৰে এই সমগ্ৰ ব্যৱস্থাপনা পৰিচালনাৰ বাবে তিনিগৰাকী কেবিনেট মন্ত্ৰীক দায়িত্ব প্ৰদান কৰিছিল তিনিগৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিমল বৰাই এই সমগ্ৰ ব্যৱস্থাপনাৰ ওপৰত চকু ৰাখিছে ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কমাৰকুছিত উপস্থিত হৈ এই ব্যৱস্থাপনাৰ বুজ লৈছে

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱাৰ পিছত আজি চিৰদিনৰ বাবে পঞ্চভূতত বিলীন প্ৰাণৰ শিল্পীগৰাকী তাৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন ৰাজ্যজুৰি জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন হৈছিল

ইয়াৰ পিছতে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ অনুমতি সাপেক্ষে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ কথা ঘোষণা কৰিছিল ইতিমধ্যে যোৱা মাজ নিশাই জুবিন গাৰ্গৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে

আগন্তুক কিছু সময়ৰ ভিতৰতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা সম্পন্ন মৰণোত্তৰ পৰীক্ষাৰ পিছত জুবিন গাৰ্গক পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা তাৰ পিছত সসন্মানেৰে তেওঁক কমাৰকুছিৰ শেষকৃত্য স্থলীলৈ লৈ যোৱা সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া

জানিব পৰা মতে, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে ভাতৃৰ মুখাগ্নি কৰিব এই সময়ছোৱাত ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে পামি বৰঠাকুৰক সহযোগিতা কৰিব অন্ত্যেষ্টিক্ৰিয়াৰ সময়ছোৱাত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে লগতে বিৰোধী দলৰ নেতা, সাহিত্য সভা, আছু, মেঘালয় চৰকাৰৰ প্ৰতিনিধি উপস্থিত থাকিব

জুবিন গাৰ্গৰ পৰিয়ালৰ ৮৫জন লোকে শেষকৃত্যত অংশগ্ৰহণ কৰিব অসম চৰকাৰেও কেইজনমান নির্দিষ্ট ব্যক্তিক শেষকৃত্যলৈ আমন্ত্রণ জনাব ইফালে নিৰ্দিষ্ট সংখ্যক সাধাৰণ লোকেও শেষকৃত্যৰ সময়ছোৱাত উপস্থিত থাকিব ইতিমধ্যেই কমাৰকুছিত ব্যাপকসংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে