Zubeen Garg Death Live Updates: আজি প্ৰকৃতিত বিলীন হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গঃ নিয়া হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে
ৰাজ্যজুৰি উত্থাপন হোৱা দাবীৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব বুলি ঘোষণা কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ দেহ সোণাপুৰলৈ লৈ যোৱা হ’ব।

LIVE NEWS & UPDATES
-
সাজু হৈ উঠিছে কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়া স্থল
সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে জাতীয় জীৱনৰ এক মহানায়ক হিচাপে পৰিগণিত হৈ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া আজি সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ব। ইতিমধ্যে প্ৰায় সাজু হৈ উঠিছে কমাৰকুছিৰ অন্ত্যেষ্টিক্ৰিয়া স্থলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এই স্থানত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাপনাৰ বুজ লৈছে।
-
মুখ্যমন্ত্ৰীৰ অন্তিম শ্ৰদ্ধা
মাজনিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। সামাজিক মাধ্যমত এই সময়ৰ ছবি স্বেয়াৰ কৰি তেওঁ লিখিছে, “আৰু কিছু ঘণ্টাৰ পাছতে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে যাত্ৰা আৰম্ভ হ’ব৷ খন্তেক সময় আগতে এগৰাকী অনুৰাগী হিচাপে সৰুসজাই ষ্টেডিয়ামত সকলোৰে প্ৰিয় শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।” -
GMCHত জুবিন গাৰ্গৰ নশ্বৰ দেহ
ইতিমধ্যে জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছে। কিছু সময়ৰ পিছতে AIIMSৰ চিকিৎসকৰ তত্বাৱধানত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব। মৰণোত্তৰ পৰীক্ষাৰ পিছতে তেওঁক পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব। তাৰ পিছতহে সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া স্থলীলৈ জুবিন গাৰ্গক লৈ যোৱা হ’ব।
প্ৰকৃতিৰ আৰাধক অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি প্ৰকৃতিৰ সৈতে বিলীন হৈ পৰিব। সোণাপুৰৰ কমাৰকুছিত আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব। ইফালে তাৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। ৰাজ্যজুৰি উত্থাপন হোৱা দাবীৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব বুলি ঘোষণা কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ দেহ প্ৰথমে সৰুসজাইলৈ আৰু তাৰ পিছত সোণাপুৰলৈ লৈ যোৱা হ’ব।
Published On - Sep 23,2025 5:55 AM