শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন দাক অসন্মান ! উত্তপ্ত তেজপুৰ বিশ্ববিদ্যালয়, ছাত্ৰ-ছাত্ৰীৰ ৰোষত উপাচাৰ্য…

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙে জুবিন গাৰ্গকলৈ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।

জুবিন দাক অসন্মান ! উত্তপ্ত তেজপুৰ বিশ্ববিদ্যালয়, ছাত্ৰ-ছাত্ৰীৰ ৰোষত উপাচাৰ্য…
তেজপুৰ বিশ্ববিদ্যালয়
manas-borah
Manas Borah | Published: 22 Sep 2025 23:05 PM

উত্তপ্ত তেজপুৰ বিশ্ববিদ্যালয়। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙে জুবিন গাৰ্গকলৈ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰা দেখা যায়। শেহতীয়াকৈ ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে, ছাত্ৰ-ছাত্ৰীৰ ৰোষত পৰিছে উপাচাৰ্য শম্ভুনাথ সিং।

ছাত্ৰ-ছাত্ৰীসকলৰ মতে, অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুমতি বিচাৰিছিল। কিন্তু উপাচাৰ্যজনে অনুমতি প্ৰদান কৰাৰ বিপৰীতে ‘Don’t make things funny’ বুলি মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হয়। যাকলৈ ক্ষুদ্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

এই মন্তব্যই কেম্পাছত ক্ষোভৰ সৃষ্টি কৰে। ইয়াৰ ফলত দেওবাৰে নিশা বিশ্ববিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে সমবেত হৈ প্ৰিয় শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জনোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে আজিও ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে বিয়লি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

অভিযোগ উত্থাপন হৈছে যে, চৰকাৰে চৰকাৰী শোক পালন কৰিবলৈ অধিসূচনা দিয়াৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পাঠদান অব্যাহত ৰখাৰ লগতে পূৰ্বৰ ঘোষণা মতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনো অনুষ্ঠিত কৰে। একে সময়তে বিশ্ববিদ্যালয়খনে শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা বুলি সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে। কোৱা হৈছে যে,কৰ্তৃপক্ষই কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা নাছিল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সোমবাৰে বিয়লি কমিউনিটি হলত পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) গৰাকীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ঘোষণা কৰি জাননী জাৰি কৰে। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে অধ্যাপক সিঙৰ কথিত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনাৰ দাবী জনায়। জনা গৈছে যে,সোমবাৰে প্ৰতিবাদস্থলীত উপাচাৰ্য শম্ভূনাথ সিং উপস্থিত হৈছিল আৰু তেওঁ নিজৰ স্থিতিতে অটল থকাৰ অভিযোগ উত্থাপন হৈছে।