Zubeen garg Tribute ceremony: ক’ত, কেতিয়া, কেনেকৈ জুবিনক জনাব পাৰিব শেষ শ্ৰদ্ধা? মুখ্যমন্ত্ৰীয়ে জনালে সকলো…
Zubeen garg passed away: সকলোৰে মাত্ৰ এটাই অপেক্ষা, কেতিয়া অসম পাব মৰমৰ জুবিনৰ পাৰ্থিৱ শৰীৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সৰুসজাইত তেওঁক শেষবাৰৰ বাবে দেখা কৰিব পাৰিব অনুৰাগীয়ে।

আজি অসমত শোকাকুল পৰিবেশ। প্ৰতিগৰাকী অসমীয়াৰ চকুত আজি চকুলো। সকলোৰে এটাই অপেক্ষা কেতিয়া অসম পাবহি মৰমৰ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। কেতিয়া সকলোৱে শেষবাৰৰ বাবে চাব পাবিৰ প্ৰিয়, হেঁপাহৰ শিল্পীগৰাকীক। জানিব পৰা মতে, ইতিমধ্যে ছিংগাপুৰত জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী,সন্দীপন গাৰ্গ আৰুসিদ্ধাৰ্থ শৰ্মা (মেনেজাৰ)ৰ হাতত অৰ্পণ কৰা হৈছে।
তেনেস্থলত জুবিনৰ মৃতদেহ কেতিয়া অসমলৈ আহিব এই সন্দৰ্ভত বিশেষ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দিল্লী পোৱাৰ এঘন্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ’ব। দেওবাৰে পুৱা ৬-৭ বজাৰ ভিতৰত তেওঁক সৰুসজাইত ৰখা হ’ব। তাতেই ৰাইজে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।
শৰ্মাই কয়, “এতিয়া জুবিনৰ পাৰ্থিৱ শৰীৰ ভাৰতৰ ৰাষ্ট্ৰদূত আৰু তেওঁৰ বন্ধুসকলৰ হাতত অৰ্পন কৰা হৈছে। সন্ধিয়া তেওঁৰ নশ্বৰ দেহ লৈ বিমান দিল্লীলৈ উৰা মাৰিব। দিল্লী পোৱাৰ পাছত বিশেষ বিমানযোগে অসমলৈ অনা হ’ব। গুৱাহাটী পোৱাৰ পাছত প্ৰথমে তেওঁৰ নশ্বৰ দেহ ঘৰলৈ লৈ যোৱা হ’ব। পৰিয়ালৰ লোকে জুবিনৰ লগত শেষ সময়কন যাতে কটাব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে। এই সময়খিনি আন কোনো মানুহক সেই ঠাইত ভিৰ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
লগতে কয় যে, পৰিয়ালে বিচাৰিছে জুবিনৰ সৈতে অন্তিম সময় ভালদৰে কটাব। ৮৫ বছৰীয়া পিতৃ আৰু অন্য আত্মীয়সকলে যাতে জুবিনক শেষবাৰ দেখা কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হ’ব। তাৰ পাছত জুবিনৰ নশ্বৰ দেহ সৰুসজাইলৈ অনা হ’ব। তাতেই সকলো অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।
শৰ্মাই আৰু কয় যে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ হ’ব। ইয়াৰোপৰি কোনোৱে যদি বেছি সময় থাকিব বিচাৰে তেন্তে তাৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰোপৰি কিমান দিন জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইত ৰখা হ’ব সেই সন্দৰ্ভত শৰ্মাই কয় যে, এই ক্ষেত্ৰত চিকিৎসকৰ সহায় লোৱা হ’ব। কিয়নো অসম আহি পোৱালৈ ইতিমধ্যে মৃত্যুৰ ২৪ ঘন্টা হ’ব।
ইয়াৰোপৰি জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনা ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় বন্ধ ৰখা হ’ব বুলি কয় তেওঁ। জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া ক’ত কৰা হ’ব এই সন্দৰ্ভত পৰিয়ালৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব। অৱশ্যে এতিয়ালৈ ঠিক হোৱা নাই কেতিয়া জুবিনৰ শেষকৃত সম্পন্ন হ’ব।
অন্য খবৰ পঢ়কঃ Zubeen garg death: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত ১৫ জনক আটক, কোন কোন আছে তালিকাত?