শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen garg death: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত ১৫ জনক আটক, কোন কোন আছে তালিকাত?

Zubeen garg death: সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। এই ঘটনাৰ পাছতে স্তব্ধ হৈ পৰিছে অসম। ইফালে জুবিনৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তয

Zubeen garg death: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত ১৫ জনক আটক, কোন কোন আছে তালিকাত?
জুবিন গাৰ্গImage Credit source: Facebook (Zubeen garg)
barasha-sarma
Barasha Sarma | Published: 20 Sep 2025 12:32 PM

বৰ্তমান স্তব্ধ হৈ পৰিছে অসমৰ প্ৰতিটো কোন। মৌন হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। ১৯ ছেপ্টেম্বৰত অকাল মৃত্যুক সাৱতি লোৱা সকলোৰে মৰমৰ জুবিনৰ মৃতদেহ এতিয়াও অসম আহি পোৱা নাই। সকলোৱে বৰ্তমান অপেক্ষাৰত জুবিনক শেষবাৰ দৰ্শন কৰিবলৈ। ইয়াৰ মাজতে জুবিনৰ মৃত্যুক লৈ আৰম্ভ হৈছে বহু ৰহস্যৰ। জুবিন অনুৰাগীসকলে এই মৃত্যুক সহজভাৱে লোৱা নাই। ইয়াৰ  বাবে বিচাৰিছে তদন্ত।

ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে ১৫ জনক। জানিব পৰা মতে, য়টত থকা ১৫ জন লোকক আটক কৰি ছিংগাপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তেওঁলোকক বৰ্তমান সোধা পোছা কৰি আছে আৰক্ষীয়ে। এই সকলৰ ভিতৰত আছে, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, জুবিনৰ সম্পৰ্কীয় সন্দীপন গাৰ্গ আৰু প্ৰৱাসী অসমীয়াক। এই ঘটনা কেনেকৈ সংঘটিত হ’ল, কাৰোবাৰ ভুল আছে নেকি এই সকলো সন্দৰ্ভত তদন্ত কৰিব আৰক্ষীয়ে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত হ’ব। মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গতিকে তদন্তৰ আওতাত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামী সকলো আহিব। ছিংগাপুৰৰ যিসকল লোক জুবিনৰ লগত আছিল সেইসকলো তদন্তৰ আওতাত আহিব। কিছুমানে কৈছে জুবিনক আগদিনা পাৰ্টিলৈ লৈ যোৱা হৈছিল। সেই সন্দৰ্ভতো তদন্ত হ’ব”।

শৰ্মাই আৰু কয় যে, অপৰাধজনিত ঘটনা যদি সেয়া ছিংগাপুৰত তদন্ত হ’ব। যদি অসমৰ পৰা লৈ যোৱাত কিবা ষড়যন্ত্ৰ হৈছে তেন্তে সেই তদন্ত অসমত হ’ব। ৰাইজৰ হাতত যদি কিবা তথ্য় আছে, সাক্ষী দিব বিচাৰে তেন্তে তাৰ ব্যৱস্থা কৰি দিয়া হ’ব। এই গোচৰটোৰ নিৰপেক্ষ তদন্ত হ’ব। ৰাইজৰ আগত সকলো মুকলি কৰি ৰখা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

 

 

অন্য খবৰ পঢ়কঃ চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব- আজিৰ দিনটোতেই ৮ বছৰ আগতে কি লিখিছিল জুবিনে?