শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg Murder Case: জুবিন গাৰ্গৰ চাৰ্জশ্বীটত ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, জানক আৰু কি আছে…

Zubeen Garg Murder case: অৱশেষত এছ আই টিয়ে দাখিল কৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। প্ৰায় ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে এছ আই টিয়ে। য'ত ৪ জনৰ বিৰুদ্ধে হত্যাৰ ধাৰা সংযোজন কৰা হৈছে।

Zubeen Garg Murder Case: জুবিন গাৰ্গৰ চাৰ্জশ্বীটত ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, জানক আৰু কি আছে…
৪ অভিযুক্ত
barasha-sarma
Barasha Sarma | Updated On: 12 Dec 2025 13:24 PM

বহু অপেক্ষাৰ অন্তত ১২ ডিচেম্বৰত  SIT য়ে দাখিল কৰে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট (Zubeen Garg Murder Chargesheet)। এই অভিযোগনামাত এছ আই টি (SIT)য়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক বিএনএছ ১০৩ ধাৰা (BNS 103) হত্যাকাৰী হিচাপে অভিযুক্ত কৰিছে। ইফালে জুবিনৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছ ১০৫ ধাৰা (BNS 105)ত অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide) ৰ ধাৰা সংযোজন কৰিছে। ইয়াৰ লগতে জুবিনৰ দুই PSO নন্দেশ্বৰ পৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316ৰ অধীনত অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰিছে।

উল্লেখ্য যে, ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰে এছ আই টিয়ে। আদালতত দাখিল কৰা চাৰ্জশ্বীটত আছে প্ৰায় ৭,০০০ পৃষ্ঠা, য’ত সংলগ্ন প্ৰায় ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ। এই গোচৰৰ বাবে এছ আই টিয়ে প্ৰায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে।

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। সাগৰত সাতুৰি থকাৰ সময়তে মৃত্যু হৈছিল তেওঁৰ। জুবিনৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছিল কেইবাটাও ভিডিঅ’, যাৰ বাবে এই সমগ্ৰ ঘটনাটো ৰহস্যঘন হৈ পৰিছিল। পাছত এই দিশটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল এছ আই টিয়ে। তদন্তৰ খাতিৰত এছ আই টিয়ে ছিংগাপুৰলৈও গৈছিল। অসমত সোধা পোছা কৰিছিল শ শ মানুহক, ছিংগাপুৰৰ পৰা অসমীয়া আহি ভাষ্য প্ৰদান কৰিছিল।

ইয়াৰ মাজতে তদন্তকাৰী সংস্থাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত বি এন এছ ১০৩ ৰ হত্যাৰ ধাৰা সংযোজন কৰিছিল। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। দীৰ্ঘদিন ধৰি তদন্ত কৰি আজি এছ আই টিয়ে চাৰ্জশ্বীট দাখিল কৰে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিবলৈ বাকী আছে।

 

অন্য খবৰ পঢ়কঃ আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট, কি আছে বন্ধ ফাইলৰ ভিতৰত?