Zubeen Garg Case Chargesheet: আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট, কি আছে বন্ধ ফাইলৰ ভিতৰত?
Zuben Garg Death Case Chargesheet: সকলো অপেক্ষাৰ অন্ত পেলাই আজি কামৰূপ মুখ্য ন্যায়াধীশৰ আদালতত দাখিল কৰা হয় জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। তদন্তৰ অন্তত এছ আই টিয়ে প্ৰায় ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে। য'ত আছে জুবিনৰ মৃত্যুৰ ৰহস্য।
অন্ত পৰাৰ দিশে সকলো অপেক্ষা! ১২ ডিচেম্বৰ, ২০২৫। অৱশেষত আজি CJM আদালতত এছ আই টি (SIT)য়ে দাখিল কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা (Zubeen Garg Chargesheet)। ৪টাকৈ বাকচত বন্দী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰে এছ আই টিয়ে। আদালতত দাখিল কৰা চাৰ্জশ্বীটত আছে প্ৰায় ৭,০০০ পৃষ্ঠা, য’ত সংলগ্ন প্ৰায় ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ।
এই অভিযোগনামাত এছ আই টি (SIT)য়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক বিএনএছ ১০৩ ধাৰা (BNS 103) হত্যাকাৰী হিচাপে অভিযুক্ত কৰিছে। জুবিনৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছ ১০৫ ধাৰা (BNS 105)ত অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide) ৰ ধাৰা সংযোজন কৰিছে। ইয়াৰ লগতে জুবিনৰ দুই PSO নন্দেশ্বৰ পৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316ৰ অধীনত অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰিছে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক হৈছে- শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গ। তথ্য অনুসৰি, ১৮/২০২৫ নং গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে প্ৰায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এতিয়াও চলি আছে চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত।
যোৱা ১৯ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱতি লৈছিল। সাগৰত সাতুৰি থকাৰ সময়ত মৃত্যু হৈছিল তেওঁৰ। তাৰ পাছতেই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। এই গোচৰৰ তদন্ত কৰিবলৈ এছ আই টি ছিংগাপুৰলৈও গৈছিল। যাৰ পাছত বিধানসভাত মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিল যে, জুবিন গাৰ্গক এজন মানুহে মাৰিছে আৰু ৪-৫ জনে সহায় কৰিছে। কেৱল এয়াই নহয়, বহুবাৰ মুখ্যমন্ত্ৰীয়ে এয়া এক হত্যাকাণ্ড বুলি কৈ আহিছে। অৱশেষত আজি এটা গোচৰৰ চাৰ্জশ্বীট দাখিল হয়।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এছ আই টিয়ে ৩৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পিছত এজন জ্যেষ্ঠ অধিবক্তাই আইনী প্ৰক্ৰিয়াৰ ৰূপৰেখা দাঙি ধৰে, যিটোৱে এক ডাঙৰ প্ৰক্ৰিয়াগত মাইলৰ খুঁটি চিহ্নিত কৰে। ইণ্ডিয়া টুডে এন ইয়ে অধিবক্তাজনৰ বক্তব্যৰ উদ্ধৃতি দি কয় যে এবাৰ প্ৰতিবেদনখন মুখ্য ন্যায়িক দণ্ডাধীশৰ (CJM) সন্মুখত ৰখাৰ পাছত “বিচাৰকজনে… অভিযোগনামাত থকা তথ্যসমূহ পৰ্যালোচনা কৰিব, তাৰ পিছত ইয়াক পঞ্জীয়ন আৰু গোচৰৰ নম্বৰৰ বাবে সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰা হয়”।
অধিবক্তাজনৰ মতে, বিচাৰ ক্ষমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি সত্ৰ ন্যায়াধীশৰ আদালতে হয় বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে নহয়, গোচৰটো আন এখন যোগ্য আদালতলৈ হস্তান্তৰ কৰিব পাৰে। তেওঁ আৰু স্পষ্ট কৰি দিয়ে যে অভিযোগনামা স্বয়ংক্ৰিয়ভাৱে ৰাজহুৱা নহয়; ‘‘যদি জনসাধাৰণৰ কোনো সদস্যই আবেদন দাখিল কৰে, তেতিয়াই অভিযোগনামা ৰাজহুৱা কৰা হ’ব।”
গতিকে ক’ব পাৰি যে, জুবিন গাৰ্গৰ মৃত্যু ৰহস্য জনাৰ পৰা এতিয়াও ৰাইজ বহু দূৰত। হয়তো কোনোৱে আদালতত আবেদন দাখিল কৰাৰ পাছত চাৰ্জশ্বীট ৰাজহুৱা হ’ব আৰু তাৰ পাছত অসমীয়াই জানিব পাৰিব সেইদিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে। তেতিয়ালৈকে বন্ধ ফাইলৰ ভিতৰত আৱদ্ধ হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য…
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন, কি এই BNS 103 ধাৰা, ইয়াৰ অধীনত শাস্তি কি? জানক সকলো…