শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

BTC Election 2025: শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ, প্ৰায় ৭১ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ…

মঙলবাৰে জুবিন দাৰ শেষকৃত্য, ৰাজ্যজুৰি শোকাকুল পৰিৱেশ। ইয়াৰ মাজতে ২১ ছেপ্টেম্বৰ, সোমবাৰে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ল বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

BTC Election 2025: শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ, প্ৰায় ৭১ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ…
বিটিচি নিৰ্বাচন ২০২৫
manas-borah
Manas Borah | Published: 22 Sep 2025 21:07 PM

২২ ছেপ্টেম্বৰ ২০২৫, মঙলবাৰে শেষকৃত্য সম্পন্ন হ’ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। ৰাজ্যজুৰি শোকাকুল পৰিৱেশ। ইয়াৰ মাজতে ২১ ছেপ্টেম্বৰ, সোমবাৰে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ’ল বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৪০ খন বিটিচি পৰিষদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৩১৬ জন প্ৰাৰ্থীয়ে।

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত বিয়লি ৪.৩০ বজালৈকে প্ৰায় ৭০.৯৬ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। অৱশ্যে এতিয়াও চূড়ান্ত ভোটদানৰ হাৰ প্ৰকাশ পোৱা নাই। ভোটগ্ৰহণৰ দিনটোত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ পাঁচখন জিলাৰ কোনো এখন জিলাৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা নাই।

তামুলপুৰ জিলাৰ গৈবাৰীত বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে কোকৰাঝাৰৰ দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনো হিংসাত্মক ঘটনা সংঘটিত নহ’লেও কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়।

কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি আৰু তামুলপুৰৰ পাঁচখন জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬,৫৮,১৫৩ জন, য’ত ১৩,২৩,৫৩৬ জন পুৰুষ, ১৩,৩৪,৬০০ জন মহিলা আৰু ১৭ জন অন্য লিংগৰ ভোটাৰ আছে। মুঠ ৩৩৫৯টা ভোটকেন্দ্ৰত বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়।

ইফালে, শান্তিপূৰ্ণভাৱে বিটিচি নিৰ্বাচন ২০২৫ ৰ ভোটগ্ৰহণ হৈ যোৱাৰ সকলো ভোটাৰ ৰাইজকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অঞ্চলটোত শাক্তিশালী গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছে।

উল্লেখ্য যে, বিজেপিয়ে প্ৰথমবাৰৰ বাবে অকলে পৰিষদীয় নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বৰ্তমানৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত শাসকীয় ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল) আৰু বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ প্ৰাৰ্থীসকলেও নিৰ্বাচনী খেলপথাৰত নামি পৰিছে।

যদি প্ৰয়োজন হয়, তেন্তে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব পুনৰ ভোটদান। ২৬ ছেপ্টেম্বৰত ভোট গণনা কৰা হ’ব আৰু ২৮ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা পাঁচখন জিলাতে সোমবাৰে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল।