Zubeen Garg Death Live Updates: অসম আহি পোৱাত পলম জুবিনৰ নশ্বৰদেহ, কিন্তু কিয় জানক…
Assamese Singer Zubeen Garg Death News Live Updates: জুবিন গাৰ্গ আমাৰ মাজত নাই...অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল প্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিনক শেষবাৰৰ বাবে বিদায় দিবলৈ অনুৰাগীৰ ভিৰ।

LIVE NEWS & UPDATES
-
পৰিয়ালৰ অনুমতিৰ পিছত নিয়া হ’ব সৰুসজাইলৈঃ বিমল বৰা
পৰিয়ালে যিমান সময় বিচাৰে, সেই সময়ৰ বাবে জুবিনক ৰখা হ’ব পৰিয়ালৰ লগত। এই কথা জনালে মন্ত্ৰী বিমল বৰাই।
-
মায়াবিনী ৰাতিৰ বুকুত… গীতটিৰে দিল্পীত বিদায় জনাই মুখ্যমন্ত্ৰীয়ে
এক অসহনীয় পৰিৱেশ, কোনেও কল্পনা কৰা নাছিল জুবিন গাৰ্গৰ অকাল বিয়োগৰ। দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি গাই শ্ৰদ্ধাঞ্জলি জনায় জুবিন গাৰ্গক।
-
হাজাৰ হাজাৰ জনতাৰ নয়নৰ মণি জুবিন
প্ৰকৃতি ভালপোৱা শিল্পীজনৰ নশ্বৰদেহ কিছুসময় পিছত আকাশমাৰ্গেৰে আহি পাব অসম। কলা কফিনত অনা হৈছে হিয়াৰ আমঠু জুবিনক।
-
জুবিনময় চৌদিশ… কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীৰ ভিৰ
জুবিনময় চৌদিশ… কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীৰ ভিৰ। প্ৰশাসনৰ বাধাৰ পিছতো অনুৰাগীয়ে নিশাৰে পৰা অপেক্ষা কৰি আছে জুবিনক এবাৰ চাবলৈ।
-
পুৱা ৪.৩০ বজাত দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটীলৈ
দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাই জুবিনৰ মৃতদেহ আনি আছে অসমলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা। পুৱা ৪.৩০ বজাতহে দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটীলৈ।
-
চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল
ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। বৰ্তমান Air India Express flight IX 1197ৰে আনি আছে জুবিনক।
আজি অসম আহি পাব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। আজি সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ অনা হৈছে নশ্বৰদেহ। শেষবাৰলৈ সকলোৰে মৰমৰ জুবিনক চাবলৈ অপেক্ষা কৰিছে সকলোৱে। সৰুসজাইত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন। সকলো অনুৰাগীক আইন-শৃংখলা মানি চলিবলৈ আহ্বান। আজি পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।
Published On - Sep 21,2025 5:00 AM