শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Death Case: চি আই ডিৰ কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ আন দুই প্ৰৱাসী অসমীয়া, বাকী আছে ৪ জন

এতিয়ালৈকে জুবিনৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰিছে ছিংগাপুৰৰ ৭ জন প্ৰৱাসী অসমীয়াই। জুবিনৰ শেষ মুহূৰ্তত উপস্থিত থকা আন ৪ জন প্ৰৱাসী অসমীয়াই এতিয়ালৈকে কোনো সহাঁৰি দিয়া নাই।

Zubeen Death Case: চি আই ডিৰ কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ আন দুই প্ৰৱাসী অসমীয়া, বাকী আছে ৪ জন
manas-borah
Manas Borah | Published: 14 Oct 2025 15:25 PM

আজি মঙলবাৰে পুনৰ চি আই ডিৰ ওচৰত হাজিৰ হয় ছিংগাপুৰৰ আন দুজন প্ৰৱাসী অসমীয়া। ছিংগাপুৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল এই দুয়োগৰাকী প্ৰৱাসী অসমীয়া। জুবিনৰ মৃত্যু তদন্ত চলাই থকাৰ সময়তে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় এই দুয়োগৰাকী প্ৰৱাসী অসমীয়া।

এতিয়ালৈকে জুবিনৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰিছে ছিংগাপুৰৰ ৭ জন প্ৰৱাসী অসমীয়াই। জুবিনৰ শেষ মুহূৰ্তত উপস্থিত থকা আন ৪ জন প্ৰৱাসী অসমীয়াই এতিয়ালৈকে কোনো সহাঁৰি দিয়া নাই। চি আই ডিৰ চমন জাৰি কৰা পাছতো এতিয়াও হাজিৰ হোৱা নাই এই চাৰিজন লোক।

চিআইডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয় যে, “আজি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন ছিংগাপুৰৰ পৰা আহি চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে। তেওঁলোকৰ জেৰা চলি আছে আৰু তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে।”

দুয়োজন ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ প্ৰতিনিধি। ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ সময়ত য়টখনত উপস্থিত আছিল এই দুয়োগৰাকী প্ৰৱাসী অসমীয়া। ইয়াৰ পূৰ্বে সোমবাৰে ৪ জন প্ৰৱাসী অসমীয়াই চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল।

ঘটনাৰ সময়ত য়টখনত উপস্থিত থকা ১১ জন প্ৰৱাসী অসমীয়ালৈ চি আই ডিয়ে চমন জাৰি কৰিছিল, প্ৰথম জাননীৰ প্ৰতি সঁহাৰি জনাইছিল কেৱল ৰূপকমল কলিতাই। যোৱা সপ্তাহত দ্বিতীয়বাৰৰ বাবে বাকী ১০ জনলৈ পুনৰ চমন জাৰি কৰা হৈছিল।

ইয়াৰ পূৰ্বে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত,মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ দুই বেণ্ড মেম্বাৰ শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ লগতে সন্দিপন গাৰ্গক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল।