শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২৬ৰ বাবে তৎপৰ আমবাৰী, ২৪-২৫ অক্টোবৰত অগপৰ চিন্তন বৈঠক, প্ৰতিষ্ঠা দিৱসৰ দিনটোত ঘোষণা অতুল বৰাৰ

আজি এই বিশেষ দিনটোত দলটোৰ সভাপতি অতুল বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। লগতে অহা ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অগপৰ চিন্তন বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে সভাপতিগৰাকীয়ে।

২৬ৰ বাবে তৎপৰ আমবাৰী, ২৪-২৫ অক্টোবৰত অগপৰ চিন্তন বৈঠক, প্ৰতিষ্ঠা দিৱসৰ দিনটোত ঘোষণা অতুল বৰাৰ
manas-borah
Manas Borah | Published: 14 Oct 2025 14:34 PM

৪১ বৰ্ষত ভৰি দিলে অসম গণ পৰিষদে। আজি অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি এই বিশেষ দিনটোত দলটোৰ সভাপতি অতুল বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। লগতে অহা ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অগপৰ চিন্তন বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে সভাপতিগৰাকীয়ে।

তেওঁ কয় যে, অগপৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। যিকোনো ৰাজনৈতিক দলতে এইধৰণৰ পৰিস্থিতি সৃষ্টি হয়। অনুষ্ঠিত হ’বলগীয়া চিন্তন বৈঠকত দলটোৱে আগন্তুক দিনত কেনেধৰণে আগবাঢ়ি যাব, সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি কয় অতুল বৰাই। “অগপত বিসম্বাদ নাই। দললৈ মানুহ আহে আৰু যায়। আজিৰ দিনটোত অসম গণ পৰিষদ দল শক্তিশালী ৰূপতে আছে।” এইদৰে কয় অতুল বৰাই।

তেওঁ কয়, “দলৰ সকলো কৰ্মীয়ে দলৰ কাম-কাজ আগবঢ়াই নিছে। দলৰ জনসংযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। দললৈ নতুন মানুহ আহিছে।” তেওঁ লগতে কয় যে, “এইবাৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ই ইংগিত দিয়ে যে,পুৰণি চিন্তাক বাদ দি নতুন চিন্তাৰে নতুন প্ৰজন্মই দলটোক আগুৱাই লৈ যাব।” নতুন প্ৰজন্মই আগন্তুক দিনত দলটোক শক্তিশালী ৰূপ দিব বুলি আশা প্ৰকাশ কৰে অতুল বৰাই।

জনা গৈছে যে, অহা ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব অগপৰ চিন্তন বৈঠক। চিন্তন বৈঠকে নিৰ্ধাৰণ কৰিব ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি। এই বৈঠকত অতীতৰ অভিজ্ঞতাক লৈ ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিব দলটোৰ সভাপতি অতুল বৰাই জানিবলৈ দিছে।

উল্লেখ্য যে,প্ৰতিষ্ঠা দিৱস উপলক্ষে আমবাৰীৰ মুখ্য কাৰ্যালয়ত উপস্থিত দলৰ বিষয়-ববীয়াসকল। অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অগপ নেতৃত্বই।

অগপৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোত অতুল বৰাই এটা কথা স্পষ্ট কৰি দিয়ে যে,খিলঞ্জিয়াৰ সুৰক্ষাৰ বাবে অগপৰ জন্ম হৈছিল। সেই লক্ষ্যৰ পৰা তিলমানো আঁতৰি যোৱা নাই অগপ। আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে পূৰ্বতকৈ অধিক তৎপৰতাৰে দলৰ কৰ্মীসকলে কাম কৰি আছে বুলি কয় সভাপতি বৰাই।