শীতৰ মহৌষধি হ’ব পাৰে আমলখি আৰু জালুকৰ মিশ্ৰণ, বিশেষজ্ঞই দিছে এনে উপকাৰিতাৰ সম্ভেদ
আমলখি আৰু জালুক দুয়োবিধেই প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। গতিকে, এই দুয়োবিধ খাদ্যবস্তু একেলগে খালে আমাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে, বিশেষজ্ঞসকলৰ পৰা জানো আহক।

ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত আমাৰ দেহত ভাইৰাছৰ সংক্ৰমণৰ ফলত কিছুমান ৰোগে দেখা দিব পাৰে। সেয়ে এই সময়ত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব পৰাকৈ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিবলগা হয়। ইয়াৰ সহায়ত আপোনাৰ শৰীৰ ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ অধিক সক্ষম হয়। এতিয়া প্ৰকৃতি লাগে লাহে শীতকালৰ দিশে আগবাঢ়িছে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয় হ’ব। সামান্য আওকাণ কৰিলেই এতিয়া ভিন্ন ঋতুজনিত ৰোগে আক্ৰমণ কৰিব পাৰে।
শীতকালত ‘বতৰৰ ফল’ আমলখি বাৰী-বজাৰ সকলোতে উপলব্ধ হ’ব। আমলখিৰ দেহ উপকাৰী গুণৰ কথা বহলাই নক’লেও হ’ব। আয়ুৰ্বেদ অনুসৰি আমলখিক একপ্ৰকাৰে মহৌষধি বুলিব পাৰি। আমলখিৰ সৈতে এবিধ মছলা মিশ্ৰণ কৰি খালে এই মহৌষধিৰ গুণ অধিক বৃদ্ধি পাব।
খাদ্যৰ সোৱাদ বৃদ্ধিৰ সমান্তৰালকৈ আমাৰ সমাজত ভিন্ন প্ৰকাৰৰ মছলা ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। এনে এবিধ মছলা হৈছে জালুক। আমলখি আৰু জালুক দুয়োবিধেই প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। গতিকে, এই দুয়োবিধ খাদ্যবস্তু একেলগে খালে আমাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে, বিশেষজ্ঞসকলৰ পৰা জানো আহক।
আমলখি আৰু জালুকত পুষ্টিকৰ উপাদান
WebMD ৰ মতে জালুকত ভিটামিন কে, এ, ই, বি১, বি ২, বি ৫, বি ৬, মেংগানিজ, তাম, আইৰণ, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, চেলেনিয়াম, জিংক, ক্ৰ’মিয়াম আদি সক্ৰিয় যৌগ থাকে। একেদৰে আমলখিত ভিটামিন চি, আইৰণ, কেলচিয়াম, ভিটামিন এ আৰু ই, আঁহ, আৰু বিভিন্ন এণ্টিঅক্সিডেণ্ট থাকে।
স্বাস্থ্যকৰ মিশ্ৰণ
ডায়েটিচিয়ান তথা ইন্টিগ্ৰেটিভ থেৰাপিউটিক নিউট্ৰিচনিষ্ট ডাঃ গীতিকা চোপ্ৰাই আমলখি আৰু জালুক হৈছে স্বাস্থ্য উপকাৰী এক শক্তিশালী সংমিশ্ৰণ আখ্যা দিছে। আমলখি ভিটামিন চিৰ সমৃদ্ধ উৎস, আনহাতে জালুকত পাইপেৰিন থাকে, ইয়াৰ ফলত পুষ্টিকৰ পদাৰ্থৰ শোষণ কমেও ২০০০ শতাংশ বৃদ্ধি পায়।
শ্বেত ৰক্তকণিকা বৃদ্ধি
বিশেষজ্ঞসকলে কয় যে এই দুয়োটা উপাদান একেলগে খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। আমলখিয়ে শ্বেত ৰক্তকণিকা বৃদ্ধি কৰে, আনহাতে জালুক খালে আমলখিৰ ভিটামিন চি শৰীৰত সঠিকভাৱে শোষিত হোৱাটো নিশ্চিত হয়।
সুস্থ ছাল আৰু চুলি
সামগ্ৰিক স্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ বাবেও উপকাৰী এই সংমিশ্ৰণ। আমলখি জালুকৰ লগত খালে ইয়াৰ উপকাৰ দুগুণ হয়। এই মিশ্ৰণে ছালৰ উজ্জলতা বৃদ্ধি কৰে, কিয়নো ভিটামিন চিয়ে কলাজেন উৎপাদনত সহায় কৰে। ই ছালৰ স্থিতিস্থাপকতা বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়, লগতে চুলি চিকচিকিয়া আৰু মজবুত কৰে।
আন্ত্ৰিক আৰু যকৃতৰ স্বাস্থ্য
ডাঃ গীতিকা চোপ্ৰাই উল্লেখ কৰা মতে আমলখি আৰু জালুকৰ সংমিশ্ৰণে আন্ত্ৰিক আৰু যকৃতৰ স্বাস্থ্য অটুট ৰখাত সহায় কৰে। এই মিশ্ৰণে দেহৰ পৰা বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰাত সহায় কৰে, ইয়াৰ ফলত হজম শক্তি উন্নত হয়। যদি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা আছে, এই মিশ্ৰণে এনে সমস্যাৰ পৰা উপশম পোৱাতো সহায় কৰিব।
শীতকালৰ মহৌষধ
বিশেষজ্ঞসকলে কয় যে আমলখি আৰু জালুকৰ সংমিশ্ৰণ শীতকালৰ বাবে মহৌষধ। আমলখিত ভিটামিন চি থাকে, যি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰ সলনি হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ। আমলখিয়ে শৰীৰ শীতল আৰু সজীৱ কৰি ৰাখি দেহৰ ভাৰসাম্য ৰক্ষা কৰে।
একেদৰে জালুকৰ উষ্ণ গুণে কফ জমা হোৱাত বাধা দিয়ে। শীতকালীন সংক্ৰমণ ৰোধৰ বাবেও এয়া এক নিখুঁত সংমিশ্ৰণ, কিয়নো ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণ আছে। ই শ্বাস-প্ৰশ্বাসতন্ত্ৰ পৰিষ্কাৰ কৰে আৰু ইয়াৰ ফলত ঋতুভিত্তিক ফ্লুৰ পৰা ৰক্ষা পাব পাৰি।