শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মুখত টেপ, হাত-ভৰি বন্ধা…পলাশবাৰীত ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

উদ্ধাৰ হোৱা মৃতদেহটোত আছে স্পষ্ট আঘাতৰ চিন। মুখমণ্ডলত গুৰুতৰভাৱে আঘাট কৰা হৈছিল ব্যক্তিজনক। পিছত টেপৰে মেৰিয়াই দিয়া হৈছিল মুখমণ্ডলত । লগতে দুয়োখনহাত পিছফালে আৰু ভৰি ৰছীৰে বন্ধা অৱস্থাত আছিল মৃতদেহটোৰ। খবৰ পোৱাৰ লগে লগে মৃতদেহ উদ্ধাৰ কৰা স্থানত উপস্থিত হৈছে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া।

মুখত টেপ, হাত-ভৰি বন্ধা…পলাশবাৰীত ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
পলাশবাৰীত ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰ
trishna-kalita
Trishna Kalita | Updated On: 14 Oct 2025 16:58 PM

ৰাজ্যত সংঘটিত হৈছে আন এটা চাঞ্চল্যৰ ঘটনা। পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চহৰখনত । প্ৰথম অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। তাৰ পিছত আৰক্ষীৰ খবৰ দিয়া হয়।

জানিব পৰা মতে পলাশবাৰীত ব্ৰহ্মপুত্ৰ নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰেস্থানীয় লোকে । তাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ শুৱালকুছি নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে অৰ্ধগলিত মৃতদেহটো। উদ্ধাৰ কৰাৰ সময়ত মৃত ব্যক্তিজনৰ মুখত টেপ,হাত- ভৰি ৰছীৰে বন্ধা অৱস্থাত আছিল। দক্ষিণ কামৰূপৰ পলাশবাৰী দখলা সংযোগী পথৰ দাঁতিত মঙলবাৰে উদ্ধাৰ হয় এই মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটোত আছে স্পষ্ট আঘাতৰ চিন। মুখমণ্ডলত গুৰুতৰভাৱে আঘাট কৰা হৈছিল ব্যক্তিজনক। পিছত টেপৰে মেৰিয়াই দিয়া হৈছিল মুখমণ্ডলত । লগতে দুয়োখনহাত পিছফালে আৰু ভৰি ৰছীৰে বন্ধা অৱস্থাত আছিল মৃতদেহটোৰ। খবৰ পোৱাৰ লগে লগে মৃতদেহ উদ্ধাৰ কৰা স্থানত উপস্থিত হৈছে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া।

বৰ্তমানো আৰক্ষীয়ে চিনাক্ত কৰিব পৰানাই মৃতদেহটো। কিয় আৰু কেনেকৈ ব্যক্তিজনৰ মৃত্যু হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । মৰণোত্তৰ পৰীক্ষাৰ পাচতে পোহৰলৈ আহিব প্ৰকৃত কাৰণ ৷ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

ইফালে দক্ষিণ কামৰূপৰ উপৰহালী চ’কৰ সমিপত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা এখন চাৰিচকীয়া বাহনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। কেইদিনমানৰ পূৰ্বে ধেমাজিৰ গাইনদীৰ সমীপত উদ্ধাৰ কৰা হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। নিৰুদ্দেশ হৈ থকা জ্যোতিকা কলিতাক কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।