শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ, ৪-৫ দিন পূৰ্বে…

জানিব পৰা মতে, মৃত যুৱকজন কাৰ্বি আংলঙৰ ফাৰ্দিনাণ্ড স্বৰ্গীয়াৰী। ৪-৫ দিন পূৰ্বে যুৱকজনৰ মৃত্যুৰ সন্দেহ কৰা হৈছে। হোটেল মেনেজমেণ্টৰ অধ্যয়ন সামৰি চাকৰি বিচাৰি গুৱাহাটীলৈ আহিছিল যুৱকজন। 

পুনৰ গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ, ৪-৫ দিন পূৰ্বে…
গুৱাহাটীৰ ভাড়াঘৰত  যুৱকৰ মৃতদেহ উদ্ধাৰ
trishna-kalita
Trishna Kalita | Updated On: 26 Oct 2025 12:48 PM

যেন অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। সেয়া হত্যাই হওক বা আত্মহত্যা, সকলোবোৰেই এক অপৰাধ। বহু সপোন লৈ মহানগৰীলৈ অহা একাংশ যুৱক-যুৱতীৰ অকলতে হেৰাই যায় সকলো। কিয় হৈছে, ভুল কাৰ? এইবোৰ মাথো প্ৰশ্ন হৈয়ে ৰৈ যায়। মহানগৰীৰ মাজ মজিয়াত সংঘটিত হৈছে এটাৰ পাছত আনটো চাঞ্চল্যকৰ ঘটনা। যাৰ বাবে চিন্তিত হৈ পৰিছে এনে অভিভাৱকসকল, যিয়ে বহু আশা বুকুত বান্ধি নিজৰ সন্তানক মহানগৰীলৈ পঠায়।

এইবাৰ মহানগৰীৰ ৰুক্মিণীগাঁৱত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। নৱৰত্ন পথৰ ৩ নম্বৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। জানিব পৰা মতে, মৃত যুৱকজন কাৰ্বি আংলঙৰ ফাৰ্দিনাণ্ড স্বৰ্গীয়াৰী। ৪-৫ দিন পূৰ্বে যুৱকজনৰ মৃত্যুৰ সন্দেহ কৰা হৈছে। হোটেল মেনেজমেণ্টৰ অধ্যয়ন সামৰি চাকৰি বিচাৰি গুৱাহাটীলৈ আহিছিল যুৱকজন।

ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। যুৱকজনক মৃত্যু সন্দৰ্ভত এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই।  বুধবাৰৰ পৰা পৰিয়ালৰ লোকৰ লগতে সম্পৰ্ক নাছিল যুৱকজনৰ। তাৰ পিছতে শনিবাৰে ৰুক্মিণীগাঁৱৰ ভাড়াঘৰত  উপস্থিত হয় পৰিয়ালৰ লোক। প্ৰথমতে তেওঁলোকে বহু চেষ্টা কৰিও ঘৰটোৰ দুৱাৰ খুলিব পৰা নাছিল। পিছত দৰ্জা ভাঙি কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰি মজিয়াত যুৱকজনক মৃত অৱস্থাত পৰি থকা দেখা পায়।

তাৰ পিছত ঘটনা সম্পৰ্কে পৰিয়ালৰ লোক অৱগত কৰে দিছপুৰ আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হৈ তথ্য সংগ্ৰহ কৰিছে ফৰেনছিকৰ দলে। ২২ অক্টোবৰতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। প্ৰায় দুববছৰ ধৰি সেই বাসগৃহটোত ভাড়াতীয়া হিচাপে আছিল যুৱকজন। তেওঁৰ সৈতে আছিল জ্যেষ্ঠ ভাতৃ। কিছুদিন পূৰ্বে কিবা কামত কাৰ্বি আংলঙৰ ঘৰলৈ গৈছিল যুৱকজনৰ জ্যেষ্ঠ ভাতৃ। তাৰ পিছতে সংঘটিত হয় এই ঘটনা। এতিয়া আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিছপুৰত যুৱকৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোহৰলৈ আহিছিল। দিছপুৰৰ লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন।  যুৱকজনে চীপ লৈ আত্মহত্যা কৰা সন্দেহ ।  মৃত যুৱকজনৰ নাম জেমছ বৰুৱা। ঘটনা অনুসৰি প্ৰেয়সীৰ লগতেই আছিল জেমছ। তাৰ মাজতে জেমছে সংঘটিত কৰে এই কাণ্ড।