26 October 2025
TV9 ASSAM
দীৰ্ঘ আৰু সুস্থ জীৱন উদযাপন কৰিবলৈ সকলোৱে বিচাৰে। ইয়াৰ বাবে আপুনি কি কৰিব?
দীৰ্ঘ আৰু সুস্থ জীৱন পাবলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই দিয়া ৫টা অভ্যাস কি জানোঁ আহক।
বহুতে ব্যস্ত জীৱনত পৰ্যাপ্ত টোপনি নাপায়। হাৰ্ভাৰ্ডৰ গৱেষকসকলে কয় যে, প্ৰাপ্তবয়স্কসকলে সাধাৰণতে ৰাতি ৭-৮ ঘণ্টা শুব লাগে।
হাৰ্ভাৰ্ডৰ গৱেষণাৰ মতে, ধ্যানয়ে মনোযোগ বৃদ্ধি কৰে, মানসিক চাপ হ্ৰাস কৰে আৰু যিকোনো ব্যক্তিক বৰ্তমানৰ সৈতে সংযুক্ত কৰি ৰাখিব পাৰে।
প্ৰতিদিনে ৩০ মিনিট শাৰীৰিক ব্যায়ামে এটা সুস্থ শৰীৰ দিব পাৰে। হাৰ্ভাৰ্ডৰ গৱেষকসকলে কয় যে, খোজ কঢ়াটোও এটা ব্যায়াম হ’ব পাৰে।
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা, ফিল্টাৰ কৰা পানী খোৱা, প্লাষ্টিকৰ সলনি কাঁচ বা ষ্টেইনলেছ ষ্টীলৰ বাচন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।
হাৰ্ভাৰ্ডৰ গৱেষণাত কোৱা হৈছে যে,প্ৰাকৃতিক শস্য আৰু গোটা শস্যৰ গুৰুত্ব দিয়া উচিত। অৰ্থাৎ ফলমূল, শাক-পাচলি, দালি আৰু গুটি শস্য আদি খাদ্য খাব লাগে।
পঢ়িবলৈ ক্লিক কৰক