বেলজিয়ামৰ আদালতে দিলে আঘাত! দেশলৈ ঘূৰিব লাগিব ‘১৩ হাজাৰ কোটিৰ’ মেহুল চোকছি
বিগত বৰ্ষত বেলজিয়ামৰ এণ্টৱাৰ্প জিলা আদালতৰ প্ৰি-ট্ৰাইল চেম্বাৰে মেহুল চোকছিক প্ৰত্যাৰ্পণৰ বাবে অনুমোদন জনাইছিল। শেহতীয়াকৈ এণ্টৱাৰ্পৰ চাৰিজনীয়া আপিল আদালতে জিলা আদালতৰ ৰায় বাহাল ৰাখে।
‘পলাতক’ মেহুল চোকছিক দেশলৈ প্ৰত্যাৰ্পণৰ পথ ক্ৰমাৎ অধিক মসৃণ হৈ পৰিছে। বেলজিয়ামৰ এখন আপীল আদালতৰ ৰায়ৰ পিছত চোকছিৰ প্ৰত্যাৰ্পণ প্ৰায় নিশ্চিত হোৱাৰ দিশে আগবাঢ়িছে। চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা চোকছিৰ প্ৰত্যাৰ্পণৰ বাবে প্ৰচেষ্টা চলাইছে নতুন দিল্লীয়ে। বেলজিয়ামৰ আদালতৰ ৰায়ে এতিয়া আৰ্থিক জালিয়াতিৰ অভিযোগত অভিযুক্ত মেহুল চোকছিক ঘূৰাই আনিবলৈ দিল্লীয়ে চলোৱা প্ৰচেষ্টা সফল হোৱাৰ দিশত বুলিব পাৰি।
জিলা আদালতৰ ৰায়
বিগত বৰ্ষত বেলজিয়ামৰ এণ্টৱাৰ্প জিলা আদালতৰ প্ৰি-ট্ৰাইল চেম্বাৰে মেহুল চোকছিক প্ৰত্যাৰ্পণৰ বাবে অনুমোদন জনাইছিল। শেহতীয়াকৈ এণ্টৱাৰ্পৰ চাৰিজনীয়া আপিল আদালতে জিলা আদালতৰ ৰায় বাহাল ৰাখে। উল্লেখ্য যে ১৩,৫০০ কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত অভিযুক্ত পলাতক মেহুল চোকছি।
২০১৮ আৰু ২০২৩ চনত মুম্বাইৰ এখন বিশেষ আদালতে চোকছিৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। মুম্বাই আদালতৰ নিৰ্দেশৰ ভিত্তিত বেলজিয়াম চৰকাৰৰ ওচৰত চোকছিৰ প্ৰত্যাৰ্পণৰ আবেদন দাখিল কৰা হয়। অৱশ্যে চোকছিয়ে সেই আবেদনক প্ৰত্যাহ্বান জনাইছিল। কিন্তু নথি-পত্ৰ পৰীক্ষণৰ পিছত বেলজিয়ামৰ এণ্টৱাৰ্প জিলা আদালতে প্ৰত্যাৰ্পণৰ বাবে অনুমোদন জনায়।
চোকছিৰ আবেদন
তাৰ পিছত চোকছিয়ে সেই ৰায়ক প্ৰত্যাহ্বান জনাই আপিল আদালতৰ কাষ চাপিছিল। চোকছিয়ে নিজ আবেদনত জিলা আদালতে দিয়া ৰায় ষড়যন্ত্ৰমূলক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰিছিল। কিন্তু আপিল আদালতে তেওঁৰ আবেদন খাৰিজ কৰি জিলা আদালতৰ ৰায় বাহাল ৰাখে।
চোকছিয়ে আদালতত আনকি তেওঁক ভাৰতলৈ পঠালে আৰ্থিক জালিয়াতিৰ গোচৰৰ সঠিক বিচাৰ নহ’ব বুলিও দাবী কৰিছিল। কিন্তু বেলজিয়ামৰ আদালতে চোকছিৰ যুক্তি অস্বীকাৰ কৰে। এইদৰে চোকছিৰ প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত বাধাৰ সম্ভাৱনা ক্ৰমাৎ দূৰ হয়।
অৱশ্যে একাংশ আইনী বিশেষজ্ঞৰ মতে, আপীল আদালতে চোকছিৰ আবেদন নাকচ কৰিলেও এতিয়াও উচ্চতম ন্যায়ালয় বাকী আছে। আপীল আদালতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই অহা ১৫ দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিব চোকছি। অৱশ্যে ভাৰতলৈ প্ৰত্যাৰ্পণ ৰোধৰ বাবে চোকছিৰ হাতত এয়াই হ’ব অন্তিম পদক্ষেপ।