ষট পূজাৰ উপলক্ষে গুৱাহাটীত যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা
২৭ আৰু ২৮ অক্টোবৰৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী প্ৰশাসনে। আৰক্ষী উপায়ুক্ত (যান-বাহন) কার্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই নির্দেশনা ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ প্রযোজ্য হ'ব।
ষট পূজাৰ উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। ২৭ আৰু ২৮ অক্টোবৰৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী প্ৰশাসনে। আৰক্ষী উপায়ুক্ত (যান-বাহন) কার্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই নির্দেশনা ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ প্রযোজ্য হ’ব।
কিছুমান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে
- ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ গুৱাহাটী মহানগৰীৰ ভিতৰত কোনো বাণিজ্যিক সামগ্রী বহন কৰা বাহন তথা অন্য কোনো গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে।
- মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্ট, এম জি ৰোডত পূজাৰ সামগ্ৰী আৰু ভক্তক কঢ়িয়াই নিয়া বাহনৰ বাহিৰে অন্য কোনো বাহন চলাচল কৰিব নোৱাৰিব।
- ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজা পর্যন্ত ঠেলা, ৰিক্সা, ঘোঁৰা গাড়ী আদি ধীৰগতিৰ বাহনসমূহ মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্টলৈ, এম জি ৰোডত চলাচল কৰিব নোৱাৰিব। কিন্তু পূজাৰ সামগ্ৰী বহন কৰা ধীৰগতিৰ বাহনসমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।
- খানাপাৰাৰ দিশৰ পৰা ভৰলুমুখলৈ অহা সকলো চিটি বাছে জি এছ ৰোড এ টি ৰোড ব্যৱহাৰ কৰিব লাগিব আৰু এইসমূহ বাছক পাণবজাৰৰ ফালে আৰ অ’ বি হৈ ঘূৰি যোৱাৰ অনুমতি দিয়া নহ’ব।
- জালুকবাৰী দিশৰ পৰা অহা সকলো গধুৰ বাহন, যাৰ ভিতৰত আন্তঃজিলা বাছ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা ৰঙৰ গ্ৰাম্য সেৱাৰ বাছ আদি অন্তর্ভুক্ত (চিটি বাছ আৰু ভক্তবৃন্দ বহন কৰা বাহনৰ বাহিৰে) সেইসমূহ বাছক গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। এনে বাহনক জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ-২৭-ৰে ঘূৰি যাবলৈ দিয়া হ’ব।
- ভক্তসকলক কেৱল চাৰিচকীয়া বাহন ব্যৱহাৰৰ অনুমতি দিয়া হ’ব। ছয়চকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
- এইচ বি ৰোডৰ শনি মন্দিৰৰ পৰা পাণবজাৰ আৰক্ষী পইণ্টলৈ, বাহনসমূহ দুই দিশেৰে চলাচল কৰিব পাৰিব।
- লাচিত ঘাটৰ ভিতৰত যিকোনো বাহন ৰখাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
বাহন ঘূৰাই নিয়াৰ ব্যৱস্থা
- ভৰলুমুখৰ পৰা পাণবজাৰ/চানমাৰী দিশলৈ অহা সকলো বাহন, চিটি বাছক মাছখোৱাত এলিভেটেড কৰিড’ৰ পইণ্টত এইচ বি ৰোড (টি আৰ পি পথৰ মাজেৰে) বা এ টি ৰোডলৈ ঘূৰাই দিয়া হ’ব। চানমাৰী/লতাশিললৈ যোৱা বাহনে এন বি হল (ছেছনছ কোর্ট) পইণ্টত বাঁওফাললৈ ঘূৰি এফ চি ৰোডেৰে আগবাঢ়িব লাগিব।
- চানমাৰী দিশৰ পৰা পাণবজাৰ/ভৰলুমুখ/জালুকবাৰীৰ দিশলৈ অহা সকলো বাহন, চিটি বাছ আদিক এন বি হল (ছেছনছ কোর্ট) পইণ্টত এইচ বি ৰোডৰ ফালে ঘূৰাই দিয়া হ’ব আৰু ভৰলুমুখৰ ফালে আগবাঢ়িব লাগিব।
- উজানবজাৰ/লতাশিল দিশৰ পৰা ভৰলুমুখলৈ অহা সৰু বাহনসমূহক প্লেনেটেৰিয়াম পইণ্টত লেম্ব ৰোড, এফ চি ৰোড, তৈয়বুল্লা পইন্ট, জি এন বি ৰোড, জিলা পুথিভঁৰালৰ মাজেৰে এন বি হল (ছেছনছ কোর্ট) পইণ্টত বাঁওফাললৈ ঘূৰিব লাগিব।
বাহন ৰখোৱাৰ স্থান (পার্কিং)
- ভৰলুমুখ দিশৰ পৰা অহা ভক্ত আৰু পূজাৰ সামগ্ৰী বহন কৰা বাহনে নিজৰ গাড়ী লক্ষী গলি, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এম জি পথৰ বজাৰৰ ফালে ৰখাব পাৰিব।
- সোণাৰাম হায়াৰ ছেকেণ্ডাৰী স্কুল ঘাটত সকলো বাহন বিদ্যালয়ৰ খেলপথাৰৰ ভিতৰত ৰখাব পাৰিব ।
বাহন পাৰ্কিঙত নিষিদ্ধ
- এ টি ৰোডত ভৰলুমুখৰ পৰা পাণবজাৰ অভাৰত্ৰীজৰ দক্ষিণ পইন্টলৈকে ২৭ অক্টোবৰৰ পুৱা ৭বজাৰ পৰা ২৮ অক্টোবৰত অনুষ্ঠান সম্পূর্ণ নোহোৱা পর্যন্ত কোনো বাহন ৰখাই থোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
- এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড আৰু টি আৰ পি ৰোডত বাহন পাৰ্কিং কৰিব নোৱাৰিব।
- কোনো ট্রাক বা গধুৰ বাণিজ্যিক বাহন টি আৰ পি ৰোড, লক্ষী গলি, চেম্বাৰ ৰোড, এছ আৰ চি বি ৰোড, কেদাৰ ৰোড, এম এছ ৰোড আদি ঠাইত ২৭ অক্টোবৰৰ পুৱা ৭ বজাৰ পৰা ২৮ অক্টোবৰৰ অনুষ্ঠান শেষ নোহোৱা পর্যন্ত ৰখাটো নিষিদ্ধ।
পূজা সমিতিলৈ বিশেষ অনুৰোধ
- সকলো পূজা সমিতিক অনুৰোধ জনাইছে যে, যাতে পূজা স্থানৰ ওচৰত কোনো বাহন ৰখোৱাত অনুমতি দিয়া নহয়। লগতে নিৰাপদ দূৰত্বত নিদিষ্ট পার্কিং স্থান নির্ধাৰণ কৰি স্পষ্টভাৱে ছাইন-বোর্ড স্থাপন কৰিব লাগিব যাতে বিশৃংখল পার্কিং নহয়।
- পূজা সমিতিসমূহক পর্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিযুক্তি দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে।
- সকলো ভক্তক অনুৰোধ কৰা হৈছে, যাতে তেওঁলোকে নিজৰ বাহনসমূহ অন্য পথচাৰী বা যান-বাহনৰ অসুবিধা নোহোৱাকৈ নির্দিষ্ট স্থানত ৰাখে।