শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আতংকিত স্থানীয় লোক, তেজপুৰত বনৰীয়া ম’হৰ আক্ৰমণত নিহত ২ জন…

তেজপুৰত বনৰীয়া ম’হৰ সন্ত্ৰাস । আক্ৰমণত ২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । ইফালে, ম’হটোৱে এটা জলাশয়ত অৱস্থান লোৱাত আতংকিত হৈ পৰিছে স্থানীয় লোক ।

আতংকিত স্থানীয় লোক, তেজপুৰত বনৰীয়া ম’হৰ আক্ৰমণত নিহত ২ জন…
বনৰীয়া ম'হImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 02 Jun 2025 18:32 PM

বনৰীয়া ম’হৰ আক্ৰমণত প্ৰাণ হেৰুৱালে তেজপুৰৰ দুজন লোকে । একে সময়তে এই আক্ৰমণত আন দুজন লোকো আহত হৈছে বুলি জানিব পৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, সোমবাৰে শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ সমীপত বনৰীয়া ম’হৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয়।

তেজপুৰত সন্ত্ৰাস সৃষ্টি কৰা বনৰীয়া ম’হটোক শান্ত কৰাৰ বাবে বন কৰ্তপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে । জানিব পৰা মতে, ম’হটোৱে এটা জলাশয়ত আৱদ্ধ হৈ আছে। সংমণ্ডল বন বিষয়া (তেজপুৰ) চম্পক ডেকাই কয় যে, সোমবাৰে জাহাজঘাট অঞ্চলত বনৰীয়া ম’হটোৱে দৰ্শন দাস নামৰ এজন লোকক আক্ৰমণ কৰে। এই আক্ৰমণত দৰ্শন দাসৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে ।

ইফালে, ম’হটোৱে বাট বিচাৰি নাপায় চহৰখনৰ মাজেৰে আগবাঢ়ে । সেই সময়তে আন তিনিজন লোকক আক্ৰমণ কৰে ম’হটোৱে । ম’হটোৰ আক্ৰমণত তিনিওজন লোক আঘাতপ্ৰাপ্ত হয় । ইয়াৰে মাজৰ ভজন গোপেৰ নামৰ এজনক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

তেওঁৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও বৰ্তমান তেওঁ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইফালে, টি এম চি এইচত চিকিৎসাধীন হৈ থকা আহত আন দুজনৰ অৱস্থা সংকটজনক বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

DFO গৰাকীয়ে লগতে কয়, ম’হটোক উদ্ধাৰ কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগ কৰা হৈছে আৰু ম’হটোক শান্ত কৰি উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিছে।

স্থানীয় সূত্ৰই সদৰী কৰা মতে, বনৰীয়া ম’হটোৱে পাঁচজনলোক আক্ৰমণ কৰিছিল । ইয়াৰ মাজত এগৰাকী মহিলাও আছে । ইতিমধ্যে ম’হটোৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে । ইফালে, ম’হটোৱে বৰ্তমান এটা জলাশয়ত অৱস্থান লোৱা ফলত আতংকিত হৈ পৰিছে স্থানীয় লোক।