১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ২১ অক্টোবৰ মঙলবাৰ, এই দিনটোত ৰাজ্যৰ লগতে দেশ-বিদেশত বিভিন্ন ঘটনা সংঘটিত হৈছে। পলকতে চাও আহক দিনটোৰ খবৰ।

১. আজি বাক্সা জিলাৰ নিকাছিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ পদত্যাগ কৰিলে ৫০ শতাংশ প্ৰতিবাদ বন্ধ হ’ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী ৫০ শতাংশ প্ৰতিবাদ শেষ হ’ব। জুবিন গাৰ্গৰ অনুৰাগী সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
২. বাক্সাৰ প্ৰতিবাদ সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক উত্তেজিত কৰাৰ অভিযোগ তুলিছে ডঃ শৰ্মাই। ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিবলৈ জনসাধাৰণক আহ্বান মুখ্যমন্ত্ৰীৰ।
৩. জুবিন গাৰ্গক ন্য়ায় দিব বিজেপিয়ে। এই প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গে ন্য়ায় নাপাব বুলি ভয় নাখাবলৈ ৰাইজক অনুৰোধ। প্ৰতিখন জিলা আৰু সমষ্টিত জুবিন গাৰ্গৰ নামত সংগীতৰ বিদ্যালয় স্থাপনৰো আশ্বাস ডঃ শৰ্মাৰ। গছ কটা সন্দৰ্ভত অপপ্ৰচাৰ চলা বুলি দাবী মুখ্যমন্ত্ৰীৰ।
৪. ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা ৮ বাংলাদেশীক ওভতাই পঠালে নিৰাপত্তাৰক্ষীয়ে। মুখ্যমন্ত্ৰীয়ে এক পোষ্টযোগে ঘোষণা কৰিছে এই কথা। তেওঁ কয় যে পৃথিৱীত ৭ টা আশ্চৰ্য্য আছে। ৮ নম্বৰ আশ্চৰ্য্য হৈছে অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত লুকাই-চুৰকৈ সোমাই মাটি দখল কৰিবলৈ চেষ্টা কৰা।
৫. বাক্সাত আৰক্ষীৰ গুলীত আহত হোৱা দুই ভুক্তভোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ভুক্তভোগীৰ পৰিয়ালক সাক্ষাত কৰে মুখ্যমন্ত্ৰীয়ে। দুয়োগৰাকী ভুক্তভোগীলৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান চৰকাৰৰ। বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
৬. দীপাৱলীৰ পাছতেই বিষাক্ত হৈ পৰিলে দিল্লীৰ বায়ু। অৱনতি ঘটিছে বায়ুৰ গুণাগুণ। ৩৭ টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ৩৪ টাত প্ৰদূষণৰ মাত্ৰা যঠেষ্ট বেছি। এই স্থানসমূহক ৰেড জ’ন ঘোষণা কৰা হৈছে। অতি বিপজ্জনক শাখাত অন্তৰ্ভুক্ত দিল্লীৰ কেবাটাও অঞ্চল।
৭. আজি আৰক্ষী স্মৰণ দিৱস। দেশ তথা দেশৰ জনসাধাৰণৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ সাহস তথা ত্যাগক স্মৰণ কৰিছে সকলোৱে। দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ সেৱাত আৰক্ষী জোৱানসকলৰ সৰ্বোচ্চ ত্যাগৰ কথাও সোঁৱৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
৮. মঙলবাৰে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰে ছানাই তাকাইচিয়ে। ৪৬৫খন আসনৰ নিম্ন সদনত প্ৰথম ৰাউণ্ডত তাকাইচিয়ে ২৩৭টা ভোট লাভ কৰি নিৰ্বাচিত হয়। জুলাই মাহৰ নিৰ্বাচনত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত তিনিমাহৰ ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ উত্তৰাধিকাৰী সূত্ৰে তাকাইচিয়ে কাৰ্যনিৰ্বাহ কৰিব।
৯. কাইলৈ অভেলত দ্বিতীয়খন এদিনীয়াত মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলে প্ৰথমখন মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। তিনিখনীয়া শৃংখলাত কালিলৈ মেচখনত জয়ী হোৱাতো অন্ত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে।