“মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ তৎক্ষণাত শেষ হ’ব”, জুবিনৰ ন্যায় বিচাৰি কৰা আন্দোলন সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
সাংবাদিকৰ আগত তেওঁ দাবী কৰে যে, আজি মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ তৎক্ষণাত শেষ হ’ব। আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে বাকী ৫০% প্ৰতিবাদো বন্ধ হৈ যাব। যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত অনুৰাগীয়ে চলাই থকা আন্দোলনকলৈ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত তেওঁ দাবী কৰে যে, “আজি মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ তৎক্ষণাত শেষ হ’ব। আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে বাকী ৫০% প্ৰতিবাদো বন্ধ হৈ যাব। যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল।” এই আন্দোলনটো জুবিনৰ ন্যায় বিচাৰি কৰা আন্দোলন নহয় বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, জুবিনৰ প্ৰকৃত অনুৰাগী আৰু বৰ্তমান হঠাতে অনুৰাগী হৈ পৰা একাংশৰ মাজত পাৰ্থক্য আছে।
ইফালে, বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে,বাক্সাৰ একাংশ জনসাধাৰণক অতিৰঞ্জিত সংবাদ মাধ্যমৰ বাতৰিয়ে উত্তেজিত কৰিছিল। তেওঁ অভিযোগ কৰে যে, “কিছুমান সংবাদ মাধ্যমে প্ৰকাশ কৰা অতিৰঞ্জিত বাতৰিয়ে এই অপ্ৰয়োজনীয় উত্তেজনাক ইন্ধন যোগাইছিল।”
একে সময়তে মুখ্যমন্ত্ৰীয়ে ন্যায়পালিকাৰ প্ৰতি বিশ্বাস ৰাখিবলৈ সকলোকে আহ্বান জনায়। ভাৰতৰ ন্যায়িক ব্যৱস্থাক বিশ্বাস কৰিবলৈ নাগৰিকক আহ্বান জনাই তেওঁ কয়, “চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই নকৰে। ইতিমধ্যে উচ্চ ন্যায়ালয়ে তদন্তৰ কাম হাতত লৈছে আৰু আৰক্ষীৰ প্ৰতিবেদন অতি সোনকালে আদালতত দাখিল কৰা হ’ব।” তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ শুনানি ফাষ্ট ট্ৰেক কোৰ্টত হ’ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই অৱগত কৰে। অসমৰ ৰাইজক ধৈৰ্য্য ধৰিবলৈ আৰু চলি থকা ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।
আজি মঙলবাৰে বাক্সাৰ নিকাছিত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বাক্সাত ১৫ অক্টোবৰত জিলা কাৰাগাৰত সমুখত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। কুৱেৰী চ’কত ৰাইজৰ সৈতে মত বিনিময় কৰি গুলীবিদ্ধ দুজন লোকক ২লাখ টকাৰ চেক প্ৰদান কৰে।
তেওঁ স্পষ্টভাৱে কয়, “যদি কাৰাবন্দী অভিযুক্তই জামিন পালেহেঁতেন, তেনেহ’লে এই ধৰণৰ পৰিস্থিতি সৃষ্টি হ’ব লাগিছিল। জামিন নোপোৱা বাবে প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ। গতিকে ন্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰ জয়ী হৈছে। ন্যায়ৰ প্ৰক্ৰিয়াটো মানুহে বুজিব লাগিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব।” এইদৰে কয় ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে।