শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ ৮ অনুপ্রৱেশকাৰীক PUSH BACK অসম আৰক্ষীৰ

নিৰাপত্তাৰক্ষীয়ে পুনৰ সীমান্তত ৮ জনকৈ অবৈধ অনুপ্ৰৱেশকাৰীক পুষ্টবেক কৰিছে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পুনৰ ৮ অনুপ্রৱেশকাৰীক PUSH BACK অসম আৰক্ষীৰ
manas-borah
Manas Borah | Published: 21 Oct 2025 17:30 PM

সীমান্তৰে অসমত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে। কাৰণ নিৰাপত্তাৰক্ষীয়ে পুনৰ সীমান্তৰে ৮ জনকৈ অবৈধ অনুপ্ৰৱেশকাৰীক পুষ্টবেক কৰিছে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২১ অক্টোবৰত এক্স হেণ্ডেলত দিয়া এটা পোষ্টত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে, পৃথিৱীৰ ৭ টা আশ্চৰ্য্য আছে আৰু ৮ নম্বৰটো আশ্চৰ্য্য হৈছে অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত লুকাই-চুৰকৈ সোমাই আমাৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা। তেওঁ লগতে কয় যে,অৱশ্যে ভাল খবৰটো হ’ল আমি ইয়াত অসমত এই আশ্চৰ্য্যবোৰ আৰু ঘূৰি ফুৰিবলৈ নিদিওঁ।

তেওঁ সদৰী কৰা মতে, পুৱতি নিশা সীমান্তৰে ৮ অনুপ্রৱেশকাৰীয়ে অসমত প্রৱেশ কৰিছিল। কিন্তু অসম আৰক্ষীৰ সতর্কতা আৰু তৎপৰতা তেওঁলোকৰ বাবে হেঙাৰ হ’ল। তেওঁলোকক আটক কৰি সীমান্তৰ সিপাৰলৈ ওভতাই পঠোৱা হয়। লগতে অনুপ্রৱেশ ৰোধত অসম আৰক্ষীৰ নিৰন্তৰ অভিযানৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে।

ইফালে, মুখ্যমন্ত্ৰীয়ে ২০ অক্টোবৰত ১৮ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি ওভতাই পঠোৱা বুলি তথ্য প্ৰকাশ কৰিছিল। ২০ অক্টোবৰৰ পোষ্টত তেওঁ কয় যে, কোহলীৰ আইকনিক ষ্ট্ৰেইট ড্ৰাইভৰ দৰেই আমিও অবৈধ অনুপ্ৰৱেশকাৰীক পোনে পোনে PUSH BACKS কাৰ্যকৰী কৰি আছো। তেওঁ লগতে কয় যে “দীপাৱলী সঁচাকৈয়ে সেই সময়, যেতিয়া ভালে বেয়াক পৰাস্ত কৰে।”