উল্লাসহীন শ্ৰেয়াছৰ মুখত হাঁহি বিৰিঙালে প্ৰীতি জিন্টাৰ আলিংগনে!
১১ বছৰৰ পাছত দ্বিতীয়বাৰলৈ আই পি এলৰ ফাইনেলত উপনীত হৈছে পঞ্জাব কিংছ । শ্ৰেয়াছ স্পষ্ট কৰি দিছে আধা কামহে হৈছে, আধা এতিয়াও বাকী । ট্ৰফী জয় কৰিহে যে তেওঁ আচল উদযাপন কৰিব খোজে, সেয়া স্পষ্ট । যদি সেয়া বাস্তৱ হয়, তেন্তে নতুন ইতিহাস ৰচনা হ'ব । আইপিএলৰ ইতিহাসত কোনো ক্ৰিকেটাৰে দুটা ভিন্ন দলক অধিনায়ক হিচাপে জয়ৰ সোৱাদ দিব পৰা নাই এতিয়ালৈকে ।
কেপ্টেইন শ্ৰেয়াছ আয়াৰ । খুব কমেই দেখা যায় শ্ৰেয়াছৰ মুখত অভিব্যক্তি । যেন অন্য এক কেপ্টেইন কুল । আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ মেচত প্ৰস্তৰ হৈ পৰিছিল শ্ৰেয়াছ । স্ক’ৰবৰ্ডত ২০৪ ৰানৰ টাৰ্গেট । বেটিং কৰিবলৈ নামোতে জয় নিশ্চিত নাছিল । তাৰোপৰি প্ৰথম কোৱালিফায়াৰত মাত্ৰ ১০১ ৰানত অল আউট হোৱাৰ চাপ আছেই । অতি শীতল মস্তিস্কৰে এটা অনবদ্য ইনিংছ খেলিলে শ্ৰেয়াছে । যিটো ইনিংছে, ফাইনেলত উপনীত কৰালে প্ৰীতি জিন্টাৰ পঞ্জাব কিংছক । ইটোৰ পাছত সিটো বলে বাউণ্ডেৰী স্পৰ্শ কৰিছিল, তথাপিও কোনো অভিব্যক্তি নাছিল শ্ৰেয়াছৰ । ছিক্সাৰ মাৰি জিকালে মেচখন । তথাপিও নাই কোনো উল্লাস । যেন এটুকুৰা প্ৰস্তৰ ।
পৰিস্থিতি দেখি তেনেকুৱাই ভাৱ হৈছিল বহুতৰে মনত । পঞ্জাব কিংছৰ ডাগআউটত বিজয় উল্লাস আৰম্ভ, কিন্তু শ্ৰেয়াছৰ মুখত নাই কোনো উল্লাসৰ চিন, নাই কোনো অভিব্যক্তি । পঞ্জাব কিংছৰ খেলুৱৈসকলে অধিনায়কৰ সৈতে হাত মিলাইছে, আলিংগন কৰিছে । অন্যতম মুৰব্বী নেছ ওৱাদিয়াই শ্ৰেয়াছক জনায় অভিনন্দন । কিন্তু শ্ৰেয়াছ যেন কোনো অন্য দুনিয়ালৈ গুচি গৈছিল । প্ৰীতি জিন্টাই আলিংগন কৰা মুহূৰ্তত প্ৰথমবাৰৰ বাবে সামান্য হাঁহি দেখা গ’ল শ্ৰেয়াছৰ মুখত । দ্বিতীয়বাৰ, ৰোহিতৰ সৈতে কৰমৰ্দন কৰাৰ পৰত ।
মেচত হাৰি হতাশাত বহি পৰে মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া । তেওঁক সান্ত্বনা দিয়াৰ চেষ্টা কৰে শ্ৰেয়াছৰ সতীৰ্থ মাৰ্কাছ ষ্টইনিছে । সৌজন্যমূলকভাৱে কৰমৰ্দন কৰিলে শ্ৰেয়াছেও । মেচৰ শেষত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ । তাৰ বাহিৰেও আছিল বহুকেইটা মুহূৰ্ত । পৰিয়ালৰ লোকসকলো আহিছিল খেল চাবলৈ । শ্ৰেয়াছৰ ভনীয়েকো উপস্থিত আছিল খেলপথাৰত । সকলোৰে সৈতে দেখা কৰাৰ পাছত যেন চেতনা ঘূৰিল শ্ৰেয়াছৰ ।