Indian Navy: অসামৰিক বিমান উৰণত নিষেধাজ্ঞা, পাকিস্তান সীমান্তৰ সমীপত ভাৰতে নিক্ষেপ কৰিব ছুপাৰছনিক মিছাইল ! হঠাতে কি হ’ল?
উৰিব নোৱাৰিব অসামৰিক বিমান । জাৰি কৰা হৈছে NOTAM । এই আকাশমাৰ্গৰ পথত কোনো অসামৰিক বিমান উৰণৰ অনুমতি দিয়া নহ’ব।

আকাশমাৰ্গৰ কেইটামান পথেৰে উৰিব নোৱাৰিব অসামৰিক বিমান । জাৰি কৰা হৈছে NOTAM । এই আকাশমাৰ্গৰ পথত কোনো অসামৰিক বিমান উৰণৰ অনুমতি দিয়া নহ’ব। সোমবাৰে ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ কথা ঘোষণা কৰি ভাৰতৰ নৌসেনাই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। জানিব পৰা মতে, ৮ জুনৰ পৰা ১১ জুনলৈ নৌ সেনাই চলাব বিশেষ অনুশীলন।
এই অনুশীলনৰ বাবে নৌ সেনাই চাৰিদিনৰ বাবে আগতীয়াকৈ NOTAM জাৰি কৰিছে। অৰ্থাৎ সেই সময়ছোৱাত NOTAM জাৰি কৰা সেই নিৰ্দিষ্ট অঞ্চলটোৰ আকাশমাৰ্গেৰে কোনো অসামৰিক বিমান উৰিব নোৱাৰিব। কিন্তু নৌসেনাৰ এই অনুশীলনৰ উদ্দেশ্য কি ?
সেনাৰ সূত্ৰ অনুসৰি, কৰ্ণাটকৰ কাৰৱাৰ নৌসেনা ঘাটিত পৰীক্ষা কৰা হ’ব ক্ষেপণাস্ত্ৰ। ভাৰতীয় নৌসেনাৰ ডেষ্ট্ৰইয়াৰ জাহাজৰ পৰা নিক্ষেপ কৰা হ’ব এই ছুপাৰছ’নিক মিছাইল। এই কাৰৱাৰ সামৰিক ঘাটিৰ মূল দায়িত্বত INS Kadamba। ক’ব পাৰি যে, এই INS ৰ অস্ত্ৰ-শস্ত্ৰ ইমানেই আধুনিক যে, কাৰৱাৰ দেশৰ অন্যতম নিৰাপদ স্থানৰ ভিতৰত অন্যতম।
কেৱল সেয়াই নহয়, কাৰৱাৰ নৌসেনা ঘাটিৰ ভৌগোলিক অৱস্থানও যথেষ্ট গুৰুত্বপূৰ্ণ। এই ঘাটিৰ পৰা পাকিস্তানৰ নিকটতম বন্দৰ হৈছে কৰাচী। ইয়াৰ উপৰিও কাৰৱাৰ ঘাটিৰ পৰা ৭০০ কিলোমিটাৰ দূৰত্বৰ পৰা পাকিস্তানৰ জলসীমা আৰম্ভ হয়। য’ত পাকিস্তানৰ নৌসেনাই টহল দিয়ে।
এইবাৰ সেই গুৰুত্বপূৰ্ণ ঘাটিৰ পৰাই ভাৰতীয় নৌসেনাই মিছাইল উৎক্ষেপণৰ অনুশীলন কৰিব। অৰ্থাৎ শনিবাৰৰ পৰা ভাৰতে পাকিস্তান সীমান্তৰ সমীপত ছুপাৰছনিক মিছাইল পৰীক্ষা কৰিব।