কামাখ্যাৰ আশীষ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ
ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত গৌৰৱ গগৈয়ে ৩ বছৰতকৈও অধিক সময় ধৰি দলটোৰ নেতৃত্ব দিয়া বিদায়ী এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। এই অনুষ্ঠানত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে।

সকলোৰে বাবে সমান দৃষ্টি, অধিকাৰ আৰু ন্যায় প্ৰদানৰ মতাদৰ্শ আগত ৰাখি অসম প্ৰদেশ কংগ্ৰেছক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতি দায়িত্ব গ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে । ইয়াৰ লগতে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি হিতেশ্বৰ শইকীয়া আৰু তেওঁ পিতৃ তৰুণ গগৈৰ দৰে নেতাৰ আদৰ্শৰে দলটোক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ কথা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছ নৱনিয়ুক্ত সভাপতিগৰাকীয়ে ।
তেওঁ কয়,”মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি হিতেশ্বৰ শইকীয়া আৰু মোৰ পিতৃ তৰুণ গগৈলৈকে নেতাৰ মতাদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ আমি একেলগে দলটোক আগুৱাই লৈ যাম।” অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে মঙলবাৰে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।
গুৱাহাটীস্থিত ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত গৌৰৱ গগৈয়ে ৩ বছৰতকৈও অধিক সময় ধৰি দলটোৰ নেতৃত্ব দিয়া বিদায়ী এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। এই অনুষ্ঠানত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে।
দায়িত্ব লোৱাৰ পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত প্ৰাৰ্থনা কৰে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে তেওঁৰ ব্ৰিটিছ পত্নীৰ সম্পৰ্ক থকাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ চলাই অহাৰ সময়তে যোৱা সপ্তাহত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল।