বৰাকত বানাক্ৰান্তৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল, কি ক’লে ?
সংবাদমেলতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাইজক সকলো ফালৰ পৰা সহায় কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়,মই প্ৰশাসনক নিৰ্দেশ দিছো যে দ্ৰুত গতিত সকাহ প্ৰদান কৰক। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোৱা বছৰৰ দৰে এই বছৰো আমি প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক সহায় কৰিম।

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বৃহৎ সংখ্যক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । বিশেষকৈ বৰাক উপত্যকাত বানে লৈছে ভয়াৱহ ৰূপ । ইয়াৰ মাজতে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰ বানাক্ৰান্ত লোকসকলক কেন্দ্ৰই সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে । একে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত লোকসকলক সম্পূৰ্ণ সহায় আগবঢ়োৱাৰ আশ্বাস দিছে ।
মঙলবাৰে মুখ্যমন্ত্রীয়ে বান পৰিস্থিতিৰ পর্যালোচনা কৰি কাছাৰ জিলাৰ ছটা সাহায্য শিবিৰত থকা ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰে ৷ সেই সময়তে তেওঁ কয়, “আজি পুৱা প্ৰধানমন্ত্ৰীয়ে মোক ফোন কৰিছিল আৰু ৰাজ্যখনৰ দুয়োটা উপত্যকাৰ বানপীড়িত লোকসকলৰ দুখ-কষ্টৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ।” শিলচৰত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাই।
উক্ত সংবাদমেলতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাইজক সকলো ফালৰ পৰা সহায় কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়,”মই প্ৰশাসনক নিৰ্দেশ দিছো যে দ্ৰুত গতিত সকাহ প্ৰদান কৰক।” মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “যোৱা বছৰৰ দৰে এই বছৰো আমি প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক সহায় কৰিম। আমি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিছো আৰু তেওঁলোকৰ সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ।”
কাছাৰ জিলাত বৰাক নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে । যোৱা কেইদিনমানৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে শিলচৰ চহৰৰ অধিকাংশ অঞ্চলত পানী জমা হোৱা বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ জানিবলৈ দিছে যে, জমা হোৱা পানী ১০টা পাম্পৰ সহায়ত পৰিষ্কাৰ কৰা হৈছে আৰু প্ৰয়োজন হ’লে এনেধৰণৰ আৰু অধিক মেচিন নিয়োগ কৰা হ’ব বুলিও জানিবলৈ মুখ্যমন্ত্ৰীয়ে ।
উল্লেখ্য যে, কাছাৰ জিলাত বানত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৭,৯৬১ জন লোক ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ ৫ টা ৰাজহ চক্ৰৰ ১৪৬ খন গাঁও প্লাৱিত কৰিছে। জিলা প্ৰশাসনে ৯০ টা সাহায্য শিবিৰ মুকলি কৰাৰ লগতে ১৯ হাজাৰ লোকে আশ্ৰয় লোৱাৰ বিপৰীতে ঘৰতে থকাসকলৰ বাবে সাহায্য সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ইফালে, সমগ্ৰ ৰাজ্যত বানৰ ফলত ২০ খন জিলাৰ প্ৰায় ৫.৩৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।