শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ’ব … আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে শৃংখল চলিহাৰ হুংকাৰ

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পাছতে বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য চলিহাৰ। তনু শ্বাহীক গ্ৰেপ্তাৰৰো দাবী বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।সকলোকে হাত জোকাৰি অভিবাদন জনাই শৃংখল চলিহাই।  ইফালে আৰক্ষীয়ে মুকলি কৰাৰ পিছত সংবাদমাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।

জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ’ব … আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে শৃংখল চলিহাৰ হুংকাৰ
শৃংখল চলিহাImage Credit source: Facebook
trishna-kalita
Trishna Kalita | Published: 24 May 2025 09:43 AM

অৱশেষত মুকলি কৰি দিয়া হ’ল শৃংখল চলিহাক। শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত ডিব্ৰুগড়-শিৱসাগৰৰ সীমাত মুকলি কৰি দিয়া হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। তাৰ পিছতে শুকুৰবাৰে নিশা শিৱসাগৰৰ স্বগৃহত উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতাগৰাকী। শৃংখল চলিহাৰ ঘৰত দেখা যায় আৱেগিক পৰিৱেশ।

মুকলি কৰি দিয়াৰ পাছতে বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য চলিহাৰ। তনু শ্বাহীক গ্ৰেপ্তাৰৰো দাবী বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।সকলোকে হাত জোকাৰি অভিবাদন জনাই শৃংখল চলিহাই।  ইফালে আৰক্ষীয়ে মুকলি কৰাৰ পিছত সংবাদমাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। তেওঁ কয়, “জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ’ব। অসমীয়া জাতিক তুচ্ছ-তাচ্ছিল্য কৰা মহিলাগৰাকীক জে’ললৈ পঠিয়াব লাগিব। কোনো অনা-অসমীয়া বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামী-ভণ্ডামী চলিলে প্ৰত্যাক্ৰমণ হ’ব।”

শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত শৃংখল চলিহাই কয়, “শংকৰজ্যোতি বৰুৱা কোন সংগঠনৰ আছিল সেয়া ডাঙৰ কথা নহয়। শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ। আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিম।”  শংকৰজ্যোতিক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী চলিহাৰ। তেওঁ লগতে কয়,  “আমি সংগ্ৰাম কৰি আছো, সংগ্ৰাম চলি থাকিব। তনু শ্বাহীক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়াব লাগিব।”

উল্লেখ্য যে, শুকুৰবাৰে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰিছিল শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষীয়ে । দুলীয়াজান অভিমুখে গৈ থকা সময়তেই ডিমৌত ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাৱে আটক কৰে শৃংখল চলিহাক । আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি আটক কৰা হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক । তাৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰকাশ কৰি সামাজিক মাধ্যম ফেচবুকত এক পোষ্ট কৰিছিল শৃংখল চলিহাই।

ঘটনাৰ অনুসৰি দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি.এন.সিং পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনত তিনিটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই কাজিয়াত নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ। জানিব পৰা মতে, অবৈধভাৱে তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে এই পেট্ৰ’ল পাম্পটো লীজত লৈছিল। কিন্তু এই পেট্ৰ’ল পাম্পৰ মাৰপিটৰ ঘটনাত জড়িত হৈ গ্ৰেপ্তাৰ হৈছিল বৰুৱা। তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।  ইয়াৰ বিপৰীতে তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে অসম আৰু অসমীয়াক উদ্দেশ্য কৰি বিভিন্ন অপমানজনক মন্তব্য কৰিছিল। তাৰ পিছতে সৰৱ হৈ পৰিছিল ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে বীৰ লাচিত সেনা।  শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীত ১১ দল–সংগঠনে আহ্বান জনোৱা বন্ধৰ সমৰ্থনত শিৱসাগৰৰ পৰা দুলীয়াজানলৈ যাত্ৰা কৰিছিল বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। কিন্তু আদবাটতে আৰক্ষীয়ে আটক কৰিলে শৃংখল চলিহাক।