শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিশ্চিত কৰক ভৱিষ্যতৰ বাট, আজিৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত TV9 শিক্ষামেলা…

দেশৰ আন ১৪ খন মহানগৰৰ লগতে গুৱাহাটীতো আজিৰে পৰা আৰম্ভ হৈছে অনুষ্ঠিত হৈছে TV9 শিক্ষামেলা । গুৱাহাটীৰ বেতকুচিত থকা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৪ আৰু ২৫ মে’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই শিক্ষামেলা উদ্বোধন কৰে বৰ্তমানৰ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰে ।

নিশ্চিত কৰক ভৱিষ্যতৰ বাট, আজিৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত TV9 শিক্ষামেলা…
Tv9 Education Expo
manas-borah
Manas Borah | Updated On: 24 May 2025 12:20 PM

TV9 শিক্ষামেলা, আপোনাৰ কেৰিয়াৰৰ চাবিকাঠি । দেশৰ অগ্ৰণী নিউজ নেটৱৰ্ক TV9 এ দেশৰ ১৫ খন মহানগৰত অনুষ্ঠিত কৰিছে TV9 শিক্ষামেলাৰ । এই শিক্ষামেলাত আপুনি লাভ কৰিব কেৰিয়াৰ উন্নীতকৰণৰ সুবিধা । আপোনাৰ বাবে এই শিক্ষামেলা ভৱিষ্যতৰ বাট নিশ্চিত কৰাৰ এক সুযোগ হ’ব পাৰে । দেশৰ আন ১৪ খন মহানগৰৰ লগতে গুৱাহাটীতো আজিৰে পৰা আৰম্ভ হৈছে অনুষ্ঠিত হৈছে TV9 শিক্ষামেলা ।

গুৱাহাটীৰ বেতকুচিত থকা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৪ আৰু ২৫ মে’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই শিক্ষামেলা উদ্বোধন কৰে বৰ্তমানৰ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰে । এই উপলক্ষে পুৱা ১০ বজাৰ পৰা ৭ বজালৈকে অনুষ্ঠিত হ’ব বিভিন্ন অনুষ্ঠান ।

এই শিক্ষামেলাত আপুনি বিশেষজ্ঞৰ পৰা কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ লাভ কৰিব । লগতে আগশাৰীৰ শিক্ষানুষ্ঠানত আপুনি মনে বিচৰা পাঠ্যক্ৰমৰ সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব । দ্বাদশ আৰু স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষকৈ আয়োজন কৰা হৈছে এই শিক্ষামেলা । যাতে, তেওঁলোকে নিজৰ বাবে এটা সুন্দৰ আৰু ফলপ্ৰসূ কেৰিয়াৰ বাচনি কৰাত সহায় লাভ কৰে । অসমৰ বাহিৰেও কলকাতা, দিল্লী, পাটনা আদি বিভিন্ন চহৰত পৃথক পৃথক তাৰিখত এই শিক্ষামেলা অনুষ্ঠিত হ’ব ।

ইয়াৰ লগতে আপোনাৰ বাবে আৰু এটা ভাল খবৰ আছে । এই শিক্ষামেলাত অংশগ্ৰহণৰ বাবে আপুনি কোনো মাচুল ভৰিব নালাগে । সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি এই শিক্ষামেলাত অংশগ্ৰহণ কৰিব পাৰিব । সাক্ষাৎ কৰিব পাৰিব কেৰিয়াৰ বিশেষজ্ঞক । তেওঁলোকক নিজৰ কেৰিয়াৰ সম্পৰ্কে জানিবলগীয়া কথাবোৰ সুধিবলৈ সুযোগ পাব ।

ডাঙৰ শিক্ষানুষ্ঠান এটা অধ্যয়ন কৰাৰ সপোন যদি পুহি ৰাখিছে তেন্তে, এই শিক্ষামেলাই সেই সপোন পূৰণ কৰাত আপোনাক সহায় কৰিব । কিয়নো ইয়াত ৩০ অধিক আগশাৰীৰ শিক্ষানুষ্ঠানে আপোনাক নিজ নিজ পাঠ্যক্ৰমৰ সবিশেষ তথ্য প্ৰদান কৰিব । ফলত এটা সুন্দৰ কেৰিয়াৰ বাচনি কৰাৰ বাবে আপুনিও পাঠ্যক্ৰমসমূহৰ বিষয়ে বুজি ল’ব পাৰিব । তেন্তে দেৰি কিহৰ, আজি আৰু কালৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ আহক আৰু TV9 শিক্ষামেলাত অংশ গ্ৰহণ কৰক ।