ৰাজ্য তথা দেশৰ খবৰৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, পলকতে চকু ফুৰাওক দিনটোৰ চৰ্চিত খবৰত
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চি আই ডিয়ে। এই গোচৰত এতিয়া সংযোজিত হৈছে এক নতুন ধাৰা। ইফালে আজিৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ তথা বিজয়া দশমী উপলক্ষে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। চাওঁ আহক আজি দিনটোৰ কেইটামান চৰ্চিত খবৰ।

দিনটোৰ চৰ্চিত খবৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ১৪টা দিন। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চি আই ডিয়ে। এই গোচৰত এতিয়া সংযোজিত হৈছে এক নতুন ধাৰা। ইফালে আজিৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ তথা বিজয়া দশমী উপলক্ষে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। চাওঁ আহক আজি দিনটোৰ কেইটামান চৰ্চিত খবৰ-
- আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম আবিৰ্ভাৱ তিথি। গুৰুজনাৰ জন্ম তিথিত আজি ৰাজ্যজুৰি বিৰাজ কৰে এক আধ্যাত্মিক পৰিৱেশে। ভকত–বৈষ্ণৱসকলৰ নাম-কীৰ্তন,হৰি নাম, ভাগৱতৰ ধ্বনিৰে আজি মুখৰিত হৈ পৰে চৌদিশ।
- হাতীত আগমন হোৱা দেৱী দুৰ্গাই আজি গমন কৰিলে দোলাত। বিজয়া দশমীৰ দিনটোত আজি ভক্তসকলে পূৰ্ণ শ্ৰদ্ধা–ভক্তিৰে দেৱীৰ প্ৰতিমূৰ্তি বিসৰ্জন দিয়ে। এইসময়ত যাতে কোনো অসূয়া–অপ্ৰীতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম হৈ পৰা দেখা যায়।
- আজি সমগ্ৰ দেশে সোঁৱৰণ কৰে জাতিৰ পিতা মহাত্মা গান্ধীক। গান্ধী জয়ন্তীৰ দিনটোত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ৰাজ ঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়। গান্ধীৰ আদৰ্শই দেশৰ লক্ষ লক্ষ লোকক পথ প্ৰদৰ্শন কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
- জুবিন গাৰ্গৰ অকাল মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। এই গোচৰত গ্ৰেপ্তাৰ হোৱা দুই প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা চলাই থকা হৈছে। এই গোচৰত এতিয়া চিআইডিয়ে পূৰ্বৰ ধাৰাসমূহৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সংযোজন কৰিছে।
- যোৱা নিশা টীয়কত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হয় ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যন্দ্ৰ মালাকাৰ। পতিত ভগামুখ আৰক্ষীৰ বাহন। ভগামুখৰ দিশৰ পৰা বনাই অভিমুখে আহি থকা অৱস্থাত আৰক্ষীৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বাহনত থকা আন কেইজনমান লোক আহত হয়।
- জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। ইতিমধ্যে ভাৰতীয় উচ্চায়ুক্তই অসম চৰকাৰলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিছে। প্ৰতিবেদনৰ প্ৰতিলিপি অসম চৰকাৰে গৰিমা শইকীয়া গাৰ্গক অৰ্পণ কৰিব। অৱশ্যে ছিংগাপুৰ আৰক্ষীয়ে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাইছে।
- কলম্বিয়াত এক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘটাইছে বিস্ফোৰণ। এই অনুষ্ঠানত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়। ভাৰতত এতিয়া গণতন্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে। ইফালে তেওঁৰ এই মন্তব্যৰ তীক্ষ্ণ বিৰোধিতা কৰিছে বিজেপিয়ে।
- কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি বিপদত পৰিছে গায়ক নিলোৎপল বৰা। জাৰ্ণেলিষ্ট ইউনিয়ন অফ আছামে তৰা গোচৰত আজি জেৰাৰ বাবে দিছপুৰ থানাত হাজিৰ হয় গায়কজন। জুবিন গাৰ্গৰ নশ্বৰদেহ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে বিতৰ্কিত মন্তব্য কৰিছিল নিলোৎপল বৰাই।
- ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে প্ৰথমখন টেষ্ট। আহমেদাবাদত অনুষ্ঠিত টেষ্টখনৰ প্ৰথমদিনা আজি ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৬২ ৰানত ইনিংছ সামৰে। আনহাতে ভাৰতে প্ৰথম ইনিংছত দিনটোৰ সামৰণিলৈ ২ উইকেটত ১২১ ৰান সংগ্ৰহ কৰিছে।