Top Assamese News Today: পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…
বিজেপি-আৰএছএছৰ পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । একে সময়তে একে সময়তে ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট অসম কংগ্ৰেছৰ সপক্ষে সক্ৰিয় হৈ পৰিছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।

পুনৰ বিজেপি আৰু আৰ এছ এছ সম্পৰ্কে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। একে সময়তে শেহতীয়াকৈ ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট অসম কংগ্ৰেছৰ সপক্ষে সক্ৰিয় হৈ পৰিছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অভিযোগ উত্থাপন কৰে । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।
বিজেপি, আৰএছএছক সমালোচনা গৌৰৱ গগৈৰ
পুনৰ বিজেপি আৰু আৰ এছ এছ সম্পৰ্কে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এক সংবাদমেলত তেওঁ কয় যে বিজেপি, আৰএছএছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলত অপৰাধ প্ৰৱণ মানুহ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিন্নাৰ দৰে ৰাজনীতি কৰিছে বুলিও কয় গৌৰৱ গগৈয়ে।
পাঁচ হাজাৰ ফেচবুক একাউন্টত চকু মুখ্যমন্ত্ৰীৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অভিযোগ কৰে যে শেহতীয়াকৈ ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট অসম কংগ্ৰেছৰ সপক্ষে সক্ৰিয় হৈ পৰিছে। এই একাউণ্টসমূহৰ বেছিভাগেই ইছলামিক দেশৰ পৰা চলি আছে। যোৱা এমাহ ধৰি এইবোৰ একাউণ্টে একান্তভাৱে অসম কংগ্ৰেছৰ এজন বিশেষ নেতাৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি কয় ডঃ শৰ্মাই।
গো-মাংসৰ বিতৰ্কক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী
গো-মাংসৰ বিতৰ্কক লৈ পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নামঘৰ বা মন্দিৰ থকা অঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গো-মাংস বেচা বা খোৱাটো আইন অনুসৰি নিষিদ্ধ। ইয়াৰ পিছতো এনে কাণ্ড সংঘটিত হোৱাতো গুৰুতৰ বিষয় বুলি কয় মুখ্যমন্ত্ৰীয়ে।
অপহৰণ হোৱা নাই ভৱেশ কলিতাৰ পত্নী
পত্নীৰ অপহৰণৰ বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ ভৱেশ কলিতাৰ। ৰঙিয়াৰ বিধায়কগৰাকীয়ে কয় যে একাংশ সংবাদ মাধ্যমত ভুলকৈ প্ৰকাশ পাইছে এই বাতৰি। মদনপুৰ টোলগেটত একাংশ কৰ্মচাৰীয়ে তেওঁৰ পত্নীক দুৰ্ব্যৱহাৰ কৰিছিল। তাৰ বিৰুদ্ধেহে গোচৰ তৰিছিল বিধায়ক কলিতাই।
দুৰ্ঘটনাৰ সন্মুখীন অৱধ আছাম এক্সপ্ৰেছ
বিহাৰত দুৰ্ঘটনাৰ সন্মুখীন অৱধ আছাম এক্সপ্ৰেছ। কাটিহাৰ জিলাত এখন ট্ৰলীৰ সৈতে সংঘৰ্ষ হয় ট্ৰেইনখনৰ। ডিব্ৰুগড় অভিমুখে গৈ আছিল অৱধ আছাম এক্সপ্ৰেছ ৰেলগাড়ীখন। এই ঘটনাত এজন লোক নিহত আৰু ৪ জন আহত হয়।
উৰন্ত বিমানত কাৰিকৰী বিসংগতি
পুনৰ চলন্ত বিমানত কাৰিকৰী বিসংগতি। চেন্নাইৰ পৰা মাদুৰাই অভিমুখী ইণ্ডিগ’ এয়াৰলাইন্সৰ এখন বিমানত কাৰিকৰী বিজুতিৰ সৃষ্টি হয়। যাৰ ফলত বিমানখন উভতি যাবলগীয়া হয়। উৰণৰ প্ৰায় আধা ঘণ্টা পিছত পাইলটে সমস্যাৰ বিষয়ে অৱগত হয় আৰু উভতাৰ অনুমতি বিচাৰে। ইয়াৰ পাছতে বিমানখন উভতি আহে।
মণিপুৰত গুলীয়াগুলীত নিহত বৃদ্ধা
মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনী আৰু অস্ত্ৰধাৰীৰ মাজত হোৱা গুলীয়াগুলীত এগৰাকী বৃদ্ধা কুকি-জো মহিলা নিহত হয়। বিষ্ণুপুৰত পাহাৰৰ পৰা গুলীচালনা হোৱাৰ পাচতেই নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে। তাৰ মাজতেই সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
অপাৰেচন সেন্দূৰৰ সফলতা দাবী প্ৰতিৰক্ষা সচিবৰ
অপাৰেচন সেন্দূৰ অব্যাহত ৰখাৰ আঁৰৰ কৌশল হৈছে “এস্কেলেচন ডমিনেন্স” বজাই ৰখা আৰু সন্ত্ৰাসবাদীক এইটো বুজাই দিয়া যে ভৱিষ্যতে প্ৰত্যাক্ৰমণৰ পৰিসৰ আৰু সময় সম্পূৰ্ণৰূপে ভাৰতৰ নিয়ন্ত্ৰণত থাকিব। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে উল্লেখ কৰে এই কথা। সিঙে কয় যে ভাৰতে ভৱিষ্যতৰ প্ৰত্যুত্তৰৰ সময় আৰু স্থান নিৰ্ধাৰণ কৰিব আৰু সন্ত্ৰাসবাদীক সিদ্ধান্ত ল’বলৈ নিদিয়ে।
ভাৰত বনাম ইংলেণ্ড প্ৰথমখন টেষ্ট
আজিৰে পৰা আৰম্ভ হৈছে ইংলেণ্ড আৰু ভাৰতৰ মাজৰ টেষ্ট শৃংখলা । লিডছৰ ঐতিহাসিক হেডিংলি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্ট। টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ইংলেণ্ডে। ইংলেণ্ডৰ মাটিত মুঠ পাঁচখন টেষ্ট খেলিব শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে।