শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্বেখ হাছিনাক মৃত্যুদণ্ড, কি হ'ব ভাৰতৰ স্থিতি?

শ্বেখ হাছিনাক মৃত্যুদণ্ড, কি হ’ব ভাৰতৰ স্থিতি?

raj-saikia
Raj Saikia | Published: 17 Nov 2025 15:23 PM

বাংলাদেশৰ পৰা পোনে পোনে ভাৰতলৈ আহিছিল শ্বেখ হাছিনা। তেতিয়াৰ পৰাই শ্বেখ হাছিনা ভাৰতত কূটনৈতিক আশ্ৰয়ৰ অধীনত আছে। যদিও বাংলাদেশে কেইবাবাৰো হাছিনাক উভতাই পঠিয়াবলৈ দাবী জনাইছে, তথাপিও হাছিনা ঘূৰি যোৱা নাই।

বাংলাদেশত বিচাৰ চলি আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। বাংলাদেশত শ্বেখ হাছিনাই নিজে সৃষ্টি কৰা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত বৰ্তমান মানৱতা বিৰোধী অপৰাধৰ গোচৰৰ শুনানি চলি আছে হাছিনাৰ বিৰুদ্ধে। যি সময়ত সমগ্ৰ বিশ্বই হাছিনাই কি শাস্তি পাব সেই বিষয়ত দৃষ্টি ৰাখিছে,সেই সময়ত ভাৰতৰ চিন্তা যেন অলপ বেছি বাঢ়িছে। কাৰণ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান ভাৰততে আছে।

হাছিনাৰ পতন

২০২৪ চনৰ জুলাই-আগষ্ট মাহত বিদ্ৰোহৰ জুই জ্বলি উঠিছিল বাংলাদেশ। কোটা সংস্কাৰ বিৰোধী আন্দোলনৰ পৰাই আৰম্ভ হৈছিল এই প্ৰতিবাদ। হাছিনাৰ ‘ৰজাৰ দৰে’ মন্তব্যই প্ৰতিবাদৰ জুইত ইন্ধন যোগায়। তাৰ পাছত ছাত্ৰ আন্দোলনে হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ চেষ্টা কৰিলে। ঢাকাকে ধৰি সমগ্ৰ বাংলাদেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকল ওলাই আহিল ৰাজপথলৈ। প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ ঘটনাই বিদ্ৰোহ বৃদ্ধি কৰে। এনে পৰিস্থিতিত শ্বেখ হাছিনাই যোৱা বছৰৰ ৫ আগষ্টত বাংলাদেশ এৰি পলায়ন কৰে।

ভাৰতত আশ্ৰয়-

বাংলাদেশৰ পৰা পোনে পোনে ভাৰতলৈ আহিছিল শ্বেখ হাছিনা। তেতিয়াৰ পৰাই শ্বেখ হাছিনা ভাৰতত কূটনৈতিক আশ্ৰয়ৰ অধীনত আছে। যদিও বাংলাদেশে কেইবাবাৰো হাছিনাক উভতাই পঠিয়াবলৈ দাবী জনাইছে, তথাপিও হাছিনা ঘূৰি যোৱা নাই। বিগত বৰ্ষৰ ২৩ ডিচেম্বৰত বাংলাদেশে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঘূৰাই পঠিয়াবলৈ ভাৰতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। ভাৰতেও সেই বাৰ্তা লাভ কৰা বুলি স্বীকাৰ কৰে। কিন্তু ভাৰতে সেই পত্ৰৰ কোনো উত্তৰ দিয়া নাই বুলি চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশ কৰিছিল অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে।

আজিৰ ৰায়দানৰ পিছত কি হ’ব ভাৰতৰ স্থিতি?

এই বিষয়ত ভাৰতে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশ্লেষক ৰাজাগোপাল ধৰ চক্ৰৱৰ্তীয়ে এই বিষয়ত কয়, “শ্বেখ হাছিনাই ৰাজাকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বাংলাদেশত আন্তৰ্জাতিক ন্যায়াধিকৰণ গঠন কৰিছিল। হাছিনাই ভবা নাছিল যে পিছলৈ তেওঁৰ বিৰুদ্ধে একেখন ন্যায়াধিকৰণ ব্যৱহাৰ কৰা হ’ব। আজিৰ ৰায়দানত শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি দিয়া হ’ব বুলি ধাৰণা কৰা হৈছে। সমগ্ৰ দেশতে সামৰিক বাহিনীক সজাগ হ’বলৈ কোৱা হৈছে।”

তেওঁ আৰু কয়, “শ্বেখ হাছিনাৰ উপৰিও বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু বাংলাদেশ আৰক্ষীৰ প্ৰাক্তন আই জি চৌধুৰী আব্দুল্লা আল-মামুনৰ বিৰুদ্ধে গোচৰ আছে। সাক্ষী হৈছে বাংলাদেশ আৰক্ষীৰ প্ৰাক্তন আই জি। বুজা গৈছে যে হাছিনাক মৃত্যুদণ্ড দিয়া হ’ব। অৱশ্যে শ্বেখ হাছিনা বৰ্তমান ভাৰতত আছে। দেশত আত্মসমৰ্পণ কৰি আবেদন কৰিব লাগিব, যিটো সম্ভৱ নহয়। তেওঁ দেশলৈ গ’লে কি হ’ব পাৰে সেয়াও বুজা গৈছে।”

চক্ৰৱৰ্তীয়ে আৰু কয়, “এয়া ভাৰত চৰকাৰৰ এক ডাঙৰ দায়িত্ব। আদালতে ৰায় দিয়াৰ পৰা বাংলাদেশে এতিয়া ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব। ভাৰতে এতিয়া অলপ চিন্তা কৰিব লাগিব। ভাৰতৰ সৈতে বাংলাদেশৰ চুক্তি আছে। বাংলাদেশে সেই চুক্তিৰ ব্যাখ্যা কেনেদৰে কৰে তাক চাব লাগিব। ইয়াক লৈ উত্তেজনা অব্যাহত থাকিব। ইফালে বাংলাদেশত গণতান্ত্ৰিক নিৰ্বাচন চলি আছে। এতিয়া ভাৰতে শ্বেখ হাছিনাক আন এখন দেশলৈ পঠিয়াই সকাহ পাবলৈ ঠাই নাই।”