শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰায় ২০ বছৰ অবৈধভাৱে আছিল ভাৰতত, বাংলাদেশলৈ যাবলৈ লওঁতেই ধৰা পৰিল ৯ সন্দেহযুক্ত ৰোহিংগীয়া

তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া কাটিগড়াত আৰক্ষীৰ জালত পৰে এই সন্দেহজনক নাগৰিকৰ গোটটো। স্থানীয় বাসিন্দাসকলে সন্দেহজনক গতি-বিধি লক্ষ্য কৰি কাষ চাপি আহে আৰু তেওঁলোকৰ পৰিচয় জানিবলৈ বিচাৰে। তাৰ পাছতেই আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকসকলে।

প্ৰায় ২০ বছৰ অবৈধভাৱে আছিল ভাৰতত, বাংলাদেশলৈ যাবলৈ লওঁতেই ধৰা পৰিল ৯ সন্দেহযুক্ত ৰোহিংগীয়া
প্ৰতীকী ছবিImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 13 Aug 2025 18:25 PM

অসমত আটক সন্দেহযুক্ত ৰোহিংগীয়া। কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীয়ে আটক কৰিছে ৯ ৰোহিংগীয়াক। শিশু আৰু মহিলাসহ ৯ জনীয়া গোটটোৱে বাংলাদেশলৈ পাৰ হোৱাৰ চেষ্টা চলোৱা সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে।

তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া কাটিগড়াত আৰক্ষীৰ জালত পৰে এই গোটটো। স্থানীয় বাসিন্দাসকলে সন্দেহজনক গতি-বিধি লক্ষ্য কৰি কাষ চাপি আহে আৰু তেওঁলোকৰ পৰিচয় জানিবলৈ বিচাৰে। তাৰ পাছতেই আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকসকলে।

জানিব পৰা মতে, এইসকল লোক প্ৰায় ২০ বছৰ পূৰ্বেই গোপনে ভাৰতলৈ আহিছিল আৰু পৰিয়ালসহ ভাৰতৰ ভূমিত অবৈধভাৱে বাস কৰি আছিল। হায়দৰাবাদৰ বিভিন্ন স্থানত বাস কৰি বিভিন্ন ধৰণৰ কৰ্মসংস্থাপনত নিয়োজিত আছিল এইসকল লোক। বাংলাদেশলৈ উভতি যাব খোজাৰ সঠিক কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও নিৰাপত্তা সংস্থাই ইয়াৰ আঁৰত কোনো ব্যক্তিগত বা পাৰিবাৰিক পৰিস্থিতিৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু স্থানীয় আৰক্ষীয়ে গোটটোক তেওঁলোকৰ জাতীয়তা পৰীক্ষণ আৰু অধিক তদন্তৰ বাবে জিম্মাত লৈছে। বিষয়াসকলে কয় যে ইমিগ্ৰেচন আইন আৰু নিৰাপত্তা প্ৰট’কল অনুসৰি কেন্দ্ৰীয় সংস্থাসমূহৰ সমন্বয়ৰ সৈতে বিষয়টো পৰীক্ষা কৰা হ’ব।