শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিলাসী হোটেলত পৰিণত বিশ্ববিদ্যালয়ৰ ৩০ কোটি টকীয়া অতিথিশালা, জানক প্ৰকৃত সত্য

অসমৰ এখন বিশ্ববিদ্যালয়ৰ এটা অতিথিশালা পৰিণত হ'ল বিলাসী হোটেলত। পাঁচ বছৰৰ বাবে লীজত দিয়া হৈছে এই অতিথিশালাটো। ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিথিশালাটো প্ৰায় দুবছৰ পূৰ্বে উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিলাসী হোটেলত পৰিণত বিশ্ববিদ্যালয়ৰ ৩০ কোটি টকীয়া অতিথিশালা, জানক প্ৰকৃত সত্য
raj-saikia
Raj Saikia | Updated On: 13 Aug 2025 22:00 PM

অসম কৃষি বিশ্ববিদ্যালয়ত মূল আলোচনা চক্ৰ আৰু কনক্লেভ আয়োজন কৰিবলৈ ৩০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মাণ কৰা এটা চৰকাৰী আন্তঃৰাষ্ট্ৰীয় অতিথিশালা অনলাইন ট্ৰেভেল প্লেটফৰ্মত তালিকাভুক্ত বিলাসী হোটেললৈ ৰূপান্তৰিত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। ইয়াকে লৈ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে ছাত্ৰ আৰু শিক্ষক সংস্থাই।

যোৰহাটৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ সৈতে জড়িত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা হৈছিল ৰোহিকা এ এ ইউ-আন্তঃৰাষ্ট্ৰীয় অতিথিশালা। শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিৰে ২০২৩ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল এই অতিথিশালাটো।

কিন্তু উদ্বোধনৰ এবছৰৰ ভিতৰতে এই অত্যাধুনিক অতিথিশালাটো পাঁচ বছৰৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক লিজত দিয়া হয়। লগতে প্ৰতি ১১ মাহৰ মূৰে মূৰে নবীকৰণৰ ব্যৱস্থা কৰা হয়। অসম কৃষি বিশ্ব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এই সিদ্ধান্তৰ কাৰণ এনে পৰিসৰৰ সুবিধা পৰিচালনা কৰিবলৈ প্ৰশিক্ষিত জনশক্তিৰ অভাৱ বুলি বিষয়াসকলে জনায়।

ইয়াত ১২টা ভিআইপি ৰুম, ৪৩টা এক্সিকিউটিভ ৰুম, ৪০খন আসনৰ ভিআইপি ডাইনিং হল, আঠখন আসনৰ ব্যক্তিগত ডাইনিং হল আৰু কনফাৰেন্স হল আদি আছে।

অসম কৃষি বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে কয়, “নিৰ্মাণৰ পূৰ্বে অতিথিশালাটো লিজত দিয়া হ’ব বুলি সিদ্ধান্ত লোৱা হোৱা নাছিল। কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত লিজত দিয়া হ’ব বুলি সিদ্ধান্ত লোৱা হয়। কাৰণ ষ্টাফ মেম্বাৰ তালৈ (গুৱাহাটী) গৈ অতিথিশালাটো পৰিচালনা কৰিব নোৱাৰে।”

বিশ্ববিদ্যালয়ৰ সম্পত্তি ৰাজহুৱা নিয়ন্ত্ৰণত থাকিব লাগে বুলি যুক্তি দি ছাত্ৰ আৰু শিক্ষক সংস্থাই এই হস্তান্তৰক নিন্দা কৰিছে। পশু চিকিৎসা মহাবিদ্যালয়খন পূৰ্ণাংগ বিশ্ববিদ্যালয় হোৱাৰ পথত। মাত্ৰ উপাচাৰ্যৰ নিযুক্তিৰ কাম বাকী ৰৈছে। অৱশ্যে অতিথিশালাটো শৈক্ষিক প্ৰতিষ্ঠানখনৰ হাতলৈ ঘূৰি আহিব বুলি অধ্যাপক সদস্যসকল আশাবাদী।

“এ এ ইউৰ পৰা পশু চিকিৎসা বিশ্ববিদ্যালয়ক দ্বিভাজিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আমি যিমানদূৰ জানো, যেতিয়া বিশ্ববিদ্যালয়খনে কাম কৰিবলৈ আৰম্ভ কৰিব তেতিয়া সম্পত্তিসমূহো দুভাগ কৰা হ’ব। যিহেতু অতিথিশালাটো কলেজৰ মাটিত আছে, গতিকে আমি আশা কৰিছো যে ই পুনৰ কলেজলৈ আৰু পিছত বিশ্ববিদ্যালয়ৰ হাতলৈ আহিব।” এই মন্তব্য এ এ ইউ শিক্ষক সন্থা (পশু চিকিৎসা অনুষদ)ৰ সাধাৰণ সম্পাদক ৰাজ জ্যোতি ডেকাৰ।

ইফালে এই হোটেলৰ লীজ লাভ কৰা সংস্থাৰ এগৰাকী বিষয়াই টিভি৯ অসমক জনোৱা মতে, অসম কৃষি বিশ্ববিদ্যালয়ে অতিথিশালাটো পৰিচালনা কৰিবলৈ সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই লীজত দিয়াৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে নিবিদা আহ্বান কৰা হৈছিল আৰু এই অতিথিশালা নিৰ্মাণ কৰা ওম কনষ্ট্ৰাকচনেই এই লীজ লাভ কৰে। প্ৰতিদিনে তেওঁলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই অতিথিশালাৰ বাবে প্ৰায় ১ লাখ টকা দিব লাগে।

তাৰোপৰি ৫৫ টা কোঠাৰ ভিতৰত ৬ টা কোঠা বিশ্ববিদ্যালয়ৰ বাবে এৰি দিয়া হৈছে আৰু তেওঁলোকৰ প্ৰয়োজনত অধিক কোঠা ১৫০০ টকাৰ বাবদ দিয়া হয়। অসম চৰকাৰে এডভাণ্টেজ অসম-২ ৰ সময়তো এই অতিথিশালাত বিভিন্ন দেশৰ পৰা অহা অতিথিক ৰাখিবলৈ ব্যৱহাৰ কৰিছিল। তেওঁ লগতে কয় যে চৰকাৰৰ সৈতে বুজাবুজি সাপেক্ষেহে এই প্ৰক্ৰিয়া চলি আছে আৰু ই বে আইনী নহয়। কাৰণ শিক্ষানুষ্ঠানৰ সৈতে জড়িত হোৱাৰ বাবে এই অতিথিশালাত কোনো বাৰ আৰু চুইমিং পুল স্থাপন কৰা হোৱা নাই। অসম কৃষি বিশ্ববিদ্যালয়ে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰিয়েই পৰিচালিত হৈ আছে অতিথিশালাটো।