শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ৰাজ্যৰ পৰা বিশ্বলৈ, প্ৰতিদিনে বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো ঘটনা সন্দৰ্ভত খবৰ ৰখা সহজ নহয়। গতিকে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 20 May 2025 08:02 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. সোমবাৰে গ্ৰেপ্তাৰ প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা। দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হয় বৰুৱা। পিছে বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনতাৰ অসন্তুষ্টি দেখা গৈছে।
  2. আজি বি এন সিং পে’ট্ৰল পাম্প বাতিলৰ দাবীত প্ৰতিবাদ। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰিব। প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে ক্ষুব্ধ একাংশ দল-সংগঠন।
  3. বি টি আৰ নিৰ্বাচন অকলে খেলিব বিজেপিয়ে। শৰ্মাই কয় যে, আমাৰ যিমানখন আসনত শক্তি আছে সেইকেইখন আসনতহে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। যোৱাবাৰ ২৫ খন আসনত নিৰ্বাচন খেলা হৈছিল। এইবাৰো ইয়াৰ আশে-পাশে প্ৰতিদ্বন্দ্বিতা  আগবঢ়াম।
  4. পুনৰ গুৱাহাটী মহানগৰীত ৰহস্যজনক মৃত্যুৰ ঘটনা। লাচিত নগৰৰ ভাড়াঘৰত উদ্ধাৰ আজৰাৰ কৰিশ্মা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ। ৮ মাহৰ গৰ্ভৱতী আছিল মহিলাগৰাকী। কেনেকৈ এই ঘটনা সংঘটিত হল, সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
  5. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বেলুচ ৱেলফেয়াৰ এছোচিয়েশ্যনৰ পত্ৰ। বেলুচসকলৰ আন্দোলনৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ। উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই বেলুচসকলক লৈ বিশেষ পোষ্ট কৰিছিল সামাজিক মাধ্যমত।
  6. গ্ৰেপ্তাৰ হৈছে এজনৰ পাছত আনজন পাকিস্তানৰ চোৰাংচোৱা। শেহতীয়াকৈ হাৰিয়ানাৰ নুহ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন কোৱাক ডাক্তৰ মহম্মদ তাৰিফক।  জানিব পৰা মতে, ভাৰতীয় সেনাৰ লগত জড়িত সংবেদনশীল তথ্য তেওঁ পাকিস্তানক প্ৰদান কৰিছিল।
  7. আজি চীনৰ বেইজিঙত অনুষ্ঠিত হ’ব চীন, পাকিস্তান আৰু আফগানিস্তানৰ বৈঠক। উল্লেখ্য যে, যোৱা ১ মে’ৰ বৈঠকত চীন আৰু পাকিস্তানে আফগানিস্তানক সকীয়নি প্ৰদান কৰি ভাৰতৰ পৰা আঁতৰত থাকিব দিছিল।  গতিকে আজিৰ বৈঠকত ৰাষ্ট্ৰ ৩ খনে কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষণীয়।
  8. আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে বৈদেশিক মন্ত্ৰালয়ে স্পষ্টকৈ কয় যে ভাৰতত অবৈধ অনুপ্ৰৱেশক প্ৰচাৰ কৰা ট্ৰেভেল এজেন্সীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰোপৰি ইতিমধ্যে সন্দেহজনক বহু ভিছা নিষিদ্ধ কৰা হৈছে বুলি আমেৰিকাই কয়।

 

অন্য খবৰ পঢ়কঃ গ্ৰেপ্তাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, পেট্ৰ’ল পাম্প দখলৰ চেষ্টাৰ অভিযোগ…