গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক মৃত্যু ৪ মাহৰ গৰ্ভৱতী মহিলাৰ, পৰিয়ালৰ ডাঙৰ অভিযোগ…
ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰহস্যজনক মৃ্ত্যুৰ ঘটনা। সোমবাৰে গুৱাহাটীৰ লাচিত নগৰত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা কেইটামান দিনত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা কেতবোৰ অপৰাধমূলক ঘটনা পোহৰলৈ আহিছে। এই ঘটনাসমূহৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ গুৱাহাটীত সংঘটিত হৈছে এক ৰহস্যজনক মৃত্যুৰ ঘটনা। জানিব পৰা মতে, গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত ৰহস্যজনকভাৱে মৃত্যু হয় এগৰাকী মহিলাৰ। মৃত্যু হোৱা মহিলাগৰাকী আজৰাৰ কৰিশ্মা দাস বুলি চিনাক্ত হৈছে। গুৱাহাটীৰে এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
তথ্য অনুসৰি, সোমবাৰে দিনৰ ২ বজাতে এই ৰহস্যজনক মৃত্যুৰ খবৰ পোহৰলৈ আহে। প্ৰথম অৱস্থাত কৰিশ্মাই চূড়ান্ত সিদ্ধান্ত লোৱা বুলি অনুমান কৰিছিল। কিন্তু কৰিশ্মাৰ পিতৃ-মাতৃয়ে কৰা অভিযোগ অনুসৰি স্বামীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিছে মহিলাগৰাকীক। পৰিয়ালে কয় যে, শুৱালকুছিৰ মিন্টু কলিতাৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল কৰিশ্মা। এই মিন্টু কলিতাই সমগ্ৰ ঘটনা সংঘটিত কৰি ইয়াত চূড়ান্ত ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।
এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
পোহৰলৈ অহা তথ্য অনুসৰি, ৪ মাহৰ গৰ্ভৱতী আছিল কৰিশ্মা দাস। ২৪ বছৰীয়া এই মহিলাগৰাকীয়ে ২০২১ চনতে মিন্টু কলিতাৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল। দুয়োৰে মাজত এয়া আছিল প্ৰেম বিবাহ। কিন্তু মহিলাগৰাকীৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি প্ৰায়ে স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল। আনকি মিন্টুয়ে মহিলাগৰাকীক মাৰপিটো কৰিছিল। এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰিছে পৰিয়ালৰ লোকে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব, কেনেকৈ মৃত্যু হ’ল কৰিশ্মাৰ।
অন্য খবৰ পঢ়কঃ অসমত গ্ৰেপ্তাৰ ভুৱা হোমিঅ’পেথিক চিকিৎসক, ৩ বছৰ ধৰি আগবঢ়াই গৈছিল স্বাস্থ্য সেৱা…