শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, পলকতে চাওক দিনটোৰ চৰ্চিত সংবাদসমূহ

আজি ১৯ মে’। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধৰ পৰা আৰম্ভ কৰি আই পি এল ২০২৫লৈ, ভিন্ন সংবাদ আজিৰ দিনটোত চৰ্চাত আছে। চাওঁ আহক আজিৰ দিনটোত সংবাদ শিৰোনামত থকা এনে কেতবোৰ চৰ্চিত খবৰ।

ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, পলকতে চাওক দিনটোৰ চৰ্চিত সংবাদসমূহ
পলকতে দিনটোৰ খবৰ...
monjit-dutta
Monjit Dutta | Published: 19 May 2025 18:13 PM

অসমৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ফেচবুক লাইভ যোগে তেওঁ ADRE 2.Oৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰে। তেওঁ ঘোষণা কৰা মতে, অহা ১৫ জুনৰ পৰা ADRE 2.Oৰ মৌখিক পৰীক্ষা আৰম্ভ হ’ব। মঙলবাৰৰ ভিতৰত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য চৰকাৰে স্কুটি প্ৰদান কৰি আহিছে। এইবাৰ ৮০ শতাংশ নম্বৰ লাভ কৰি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলেহে স্কুটি লাভ কৰিব বুলি নিশ্চিত কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মাজত চলি থকা মৌখিক বাকযুদ্ধ তুংগত উঠিছে। গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে কৰি আহিছে অভিযোগ। এনে অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰশ্ন তুলিছে।

প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেন। এক বিবৃতি যোগে বাইডেনৰ কাৰ্যালয়ে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰিছে। এই তথ্য প্ৰকাশ পোৱাৰ পিছতে আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এক পোষ্ট যোগে বাইডেনৰ আশু আৰোগ্য কামনা কৰে।

এটা পেট্ৰ’ল পাম্প বলপূৰ্বকভাৱে দখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ ঘৰৰ পৰা শংকৰজ্যোতি বৰুৱাক আটক কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ১০টাকৈ ধাৰাত গোচৰ ৰুজু কৰি আজি তেওঁক গ্ৰেপ্তাৰ কৰে।

কেদাৰনাথ মন্দিৰলৈ চাইকেলেৰে যাত্ৰা কৰিছে অসমৰ তিনিজন যুৱকে। আজি শিৱসাগৰৰ শিৱদৌলত সেৱা জনাই কেদাৰনাথ অভিমুখে যাত্ৰা কৰিছে শিৱসাগৰৰ হাঁহচৰাৰ ভাৰ্গৱ গগৈ, লক্ষীমপুৰৰ বচাগাঁৱৰ কুসুম্বৰ দাস আৰু ডিব্ৰুগড়ৰ মোহিন পাহাৰীয়াই। এখন নিচামুক্ত অসমৰ গঢ়াৰ সংকল্পৰে যাত্ৰা আৰম্ভ কৰে যুৱককেইজনে। লগতে তেওঁলোকে এই যাত্ৰাৰ জৰিয়তে সমন্বয়ৰ বাৰ্তা দিব বিচাৰে বুলিও উল্লেখ কৰিছে।

ভাৰত-পাক সংঘাতৰ ওৰ পৰাৰ পিছত চীনৰ কাৰ্যকলাপে সৃষ্টি কৰিছে উদ্বেগৰ। ভাৰত মহাসাগৰত চলাচল আৰম্ভ হৈছে চীনৰ নৌসেনাৰ জাহাজৰ। এই বিষয়তে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় নৌসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অধিনায়ককে ধৰি শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। চীনৰ গতিবিধি সন্দৰ্ভত তীক্ষ্ণ নজৰ ৰাখিবলৈ নৌসেনাক নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ।

বাংলাদেশত হঠাৎ সক্ৰিয় হৈ পৰিছে তুৰস্ক। ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি ঢাকাত তুৰস্কৰ এন জি অ’ৰ সহায়ত গঢ় লৈ উঠিছে এটা ইছলামিক সংগঠন। ‘ছালতলাত-ই-বাংলা’ নামৰ এই সংগঠনটোৱে এক নতুন মানচিত্ৰ মুকলি কৰিছে। লক্ষণীয়ভাৱে এই মানচিত্ৰত ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু সমগ্ৰ উত্তৰ-পূবক বৃহত্তৰ বাংলাদেশৰ অংশ বুলি দাবী কৰা হৈছে।

আই পি এলৰ আজিৰ মেচত মুখামুখি হৈছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। ইতিমধ্যেই ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে যদিও এতিয়াও প্লে’ অফৰ আশা বৰ্তি আছে লক্ষ্ণৌৰ। অৱশ্যে ইয়াৰ বাবে দলটো বাকী থকা আটাইকেইখন মেচতে জয়ী হ’ব লাগিব।