14 JUNE 2025
TV9 ASSAM
Photo- Getty Images
ভিটামিন ডি এক অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ই শৰীৰত কেলচিয়াম আৰু ফছফৰাছ শোষণ কৰাত সহায় কৰে। হাড়, দাঁত আৰু পেশী শক্তিশালী কৰাৰ বাবে ই উপকাৰী।
ভিটামিন ডিৰ অভাৱত শৰীৰৰ বহু ক্ষতি হ’ব পাৰে। ইয়াৰ ভিতৰত হাড়ৰ দুৰ্বলতা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা, হতাশা, মুড সলনি , ভাগৰুৱা, হৃদৰোগ আৰু অষ্টিঅ’পৰ’ছিছৰ আশংকা।
ভিটামিন ডিৰ অভাৱ হ’লে শৰীৰত বহুতো লক্ষণ দেখা দিয়ে।এইবোৰ আওকাণ কৰা উচিত নহয়।
ডাঃ সুভাষ গিৰীয়ে কয় যে শৰীৰত ভিটামিন ডিৰ অভাৱৰ বাবে শক্তিৰ মাত্ৰা কমি যায়। এনে পৰিস্থিতিত কোনো ধৰণৰ গধুৰ কাম নকৰাকৈও শৰীৰে ভাগৰুৱা অনুভৱ কৰে আৰু শুই থকাৰ পিছতো সতেজ অনুভৱ নকৰে।
ভিটামিন ডিৰ অভাৱৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে। যাৰ বাবে হাড় ফুলা বা বিষ হ’ব পাৰে। বিশেষকৈ পিঠি, কঁকাল আৰু ভৰিৰ বিষ স্থায়ী হৈ থাকে।
ভিটামিন ডিৰ অভাৱৰ বাবে চিৰি বগাবলৈ অসুবিধাৰ সন্মুখীন হ’ব পাৰে, গধুৰ বস্তু তুলিবলৈ অসুবিধা হ’ব পাৰে আৰু পেশীবোৰ জঠৰ হৈ পৰিব পাৰে।
ভিটামিন ডিৰ অভাৱত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ ফলত আপুনি বাৰে বাৰে চৰ্দি, কাহ বা আন সংক্ৰমণৰ বলি হ’ব পাৰে।
চাবলৈ ক্লিক কৰক