প্ৰস্ৰাৱ জ্বলা-পোৰাৰ পৰা উপশম পাবলৈ কি কৰিব ?

14 June 2025

TV9 ASSAM

Photos Credit: Getty Images

গৰমত দিনত বহু লোকে প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা বা বিষ অনুভৱ কৰে । এই সমস্যাক ডিছুৰিয়া বুলি কোৱা হয় ।

জ্বলা-পোৰা 

এই সমস্যাৰ বহু কাৰণ আছে । এই সমস্যাক কেতিয়াও আওকাণ কৰিব নালাগে । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

আওকাণ নকৰিব

গ্ৰীষ্মকালত এই সমস্যাৰ পৰা উপশম পাবলৈ কিছুমান উপায় আছে । প্ৰস্ৰাৱ কৰোতে যদি জ্বলা-পোৰা অনুভৱ কৰে তেন্তে এই উপায় গ্ৰহণ কৰক ।

উপায়

নেমু পানী খাব পাৰে । পুৱা কুহুমীয়া পানীত নেমু চেপি, মৌ মিহলাই খাব পাৰে । এই সমস্যাৰ বহু পৰিমাণে উপশম পাব ।

নেমু পানী

পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে । শৰীৰত পানীৰ অভাৱৰ ফলতো প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা অনুভৱ কৰিব পাৰে ।

পানী খাব

তিয়ঁহৰ ৰস খাব পাৰে । তিয়ঁহে শৰীৰটো শীতল কৰি ৰাখে । তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে । ই শৰীৰত পানীৰ অভাৱ দূৰ কৰে ।

তিয়ঁহৰ ৰস

নাৰিকলৰ পানীয়ে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ সমস্যাৰ পৰা সকাহ দিব পাৰে । গৰমৰ দিনত ই শৰীৰটো হাইড্ৰেট কৰি ৰাখে ।

নাৰিকলৰ পানী

পঢ়িবলৈ ক্লিক কৰক

ওঁঠৰ ক'লা দাগ আঁতৰোৱাৰ উপায়