শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধুবুৰী চহৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

শুকুৰবাৰে অপ্ৰীতিকৰ পৰিস্থিতি বুজ ল'বলৈ ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই ভ্ৰমণ কালতে সাম্প্ৰদায়িত সংঘাত সৃষ্টিৰ বাবে এটা উপাদানে চেষ্টা চলাই আছে বুলি অভিযোগ উত্থাপন কৰি দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

ধুবুৰী চহৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: X Handle
manas-borah
Manas Borah | Published: 13 Jun 2025 17:09 PM

ধুবুৰীৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ কৰিবলগীয়া হৈছে চৰকাৰে । শুকুৰবাৰে পৰিস্থিতি বুজ ল’বলৈ ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই ভ্ৰমণ কালতে সাম্প্ৰদায়িত সংঘাত সৃষ্টিৰ বাবে এটা উপাদানে চেষ্টা চলাই আছে বুলি অভিযোগ উত্থাপন কৰি দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ কয় যে, “সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল । এটা-দুটা চক্ৰই সমগ্ৰ পৰিৱেশটো বেয়া কৰি দিয়ে । এই চৰকাৰৰ দিনত ইয়াক কেতিয়াও মানি লোৱা নহ’ব ।” ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী চহৰৰ বাবে “দেখা মাত্ৰেই গুলীওৱা”ৰ নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, ধুবুৰীৰ হনুমান মন্দিৰত গৰুৰ মূৰ বা গো-মাংস উদ্ধাৰ হোৱাৰ পিছতে এই কঠোৰ নিৰ্দেশ দিয়া হৈছে, যিটো ঘটনাই অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।

১৩ জুন শুকুৰবাৰে মুখ্যমন্ত্ৰী শৰ্মা ধুবুৰীত উপস্থিত হয় । ইয়াৰ পাছতে অস্থিৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে । চাৰ্কিট হাউচত উপস্থিত হোৱাৰ লগে লগে তেওঁ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক আহ্বান কৰে।

মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ বাবে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে ইতিমধ্যে সমগ্ৰ চহৰখনতে ব্যাপক নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰিছিল। বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্রী শর্মাই কয় যে, “অঞ্চলটোত যিকোনো ধৰণৰ অশুভ পৰিস্থিতি সৃষ্টি হোৱাত বাধা দিয়াৰ বাবে “শ্বুট এট চাইট”ৰ নিৰ্দেশ দিছো। দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ধুবুৰী চহৰৰ পৰা প্ৰযোজ্য হ’ব।”

আজি নিশাৰ পৰা ধুবুৰী জিলাত “শিল নিক্ষেপ”কে ধৰি যিকোনো অবৈধ কাৰ্যকলাপৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য হ’ব। পৰিস্থিতিৰ তদাৰক কৰি শান্তি নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।